![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : শনিবাৰে কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত এক অনাকাংখিত বাতৰিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনৰ শৈক্ষিক মহলত ৷ জিলাখনত চলি থকা নৱম শ্ৰেণীৰ হিন্দীৰ প্ৰশ্ন কাকত পৰীক্ষাৰ পূৰ্বেই ফাদিল হোৱাৰ এক বাতৰি পোহৰলৈ আহিছে ৷ কাৰবি আংলং জিলাৰ শৈক্ষিক মানদণ্ড উন্নিত কৰাৰ বাৰম্বাৰ প্ৰয়াসৰ সময়তে পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাই অভিভাৱকসকলৰ লগতে সচেতন মহলৰ চকু কঁপালত তুলিছে ৷
অৱশ্যে পৰীক্ষাৰ পূৰ্বে কেনেকৈ প্ৰশ্ন কাকত ফাদিল হ’ল সেয়া এক বৃহৎ প্ৰশ্ন৷ কাৰ ভুলৰ বাবে হ’বলৈ পালে প্ৰশ্ন কাকত ফাদিলৰ দৰে ঘটনা? ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যতক লৈ কোনে খেলিছে হেতালি খেলা অপৰাধীয়ে শাস্তি পাবনে বুলি সচেতন মহলে প্ৰশ্ন কৰিছে ৷ এইলৈ আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক চৰ্জোন হাঞ্চেই সামবাদিকৰ আগত কয় যে, পৰীক্ষাৰ পূৰ্বেই নৱম শ্ৰেণীৰ হিন্দী প্ৰশ্ন কাকত ফাদিল কাৰ্যত আছু দুঃখিত ৷ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ বাবে ই এটা ক’লা দিন ৷ লগতে পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা ব্যক্তি বা চক্ৰক তদন্ত ক্ৰমে উচিত শাস্তৰ দাবী জনায় আছুৰ নেতাগৰাকীয়ে ৷












