![]()
নিউজ ডেস্কঃ
গালৱানৰ ভাৰত-চীন সীমান্ত সংঘাতৰ পৰিস্থিতিত ২০২০ চনত ৩০০টা চীনা এপ নিষিদ্ধ কৰিছিল কেন্দ্রই। এইবাৰ পুনৰ ৫০ৰো অধিক চীনা এপ নিষিদ্ধ হ’বলৈ আগবাঢ়িছে। এই খবৰ চৰকাৰী সূত্রৰ। ‘ছুইট ছেল্ফি এইচডি’, ‘বিউটি কেমেৰা’, ‘ভিভা ভিডিও এডিটৰ’, ‘টেনছেন্ট ৰিভাৰ’, ‘এপ লক’, ‘ডুৱেল স্পেচ লাইট’ৰ দৰে মুঠ ৫৪টা চীনা এপ দেশত নিষিদ্ধ হোৱাৰ পথত। চৰকাৰী সূত্র মতে, দেশৰ নিৰাপত্তাৰ স্বার্থত এই সিদ্ধান্ত ল’বলৈ আগবাঢ়িছে চৰকাৰে। জনোৱা হৈছে যে এপ ব্যৱহাৰকাৰীৰ অজানিতেই স্মার্টফোনত সোমাইছে ক্ষতিকাৰক ছফ্টৱেৰ। তাৰ লগতে অভিযোগ, অনুমতিৰ পৰোৱা নকৰি তৃতীয় পক্ষৰ ওচৰত ব্যৱহাৰকাৰীৰ তথ্য বিক্ৰী কৰি দিছে এই চীনা এপ কোম্পানীবোৰে।











