![]()
নিউজ ডেস্কঃ
‘কয়ামত’ পর্যন্ত বিৰোধীৰ ‘গজৱা-ই-হিন্দ’ৰ সপোন পূৰণ নহয়। উত্তৰ প্রদেশত বিধানসভা নিৰ্বাচনৰ মাজতে এই মন্তব্য মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ। তেওঁ লগতে কয়, ‘‘ভাৰত চলিব সংবিধানৰ দ্বাৰা, চৰিয়ত আইনেৰে নহয়।’’
সম্প্রতি সংবাদ সংস্থা এএনআইক দিয়া এক সাক্ষাৎকাৰত যোগীয়ে কয়, ‘‘এই ভাৰত নতুন ভাৰত। বিশ্বৰ সৰ্বাধিক জনপ্রিয় নেতা নৰেন্দ্র মোদীৰ দ্বাৰা পৰিচালিত ভাৰত। এই নতুন ভাৰতত উন্নয়নেই লক্ষ্য। ইয়াত কোনো প্ৰকাৰৰ স্বজন-তোষণৰ স্থান নাই।’’ বিজেপি নেতাজনে লগতে কয়, ‘‘কেন্দ্রীয় চৰকাৰৰ লক্ষ্য সকলোৰে উন্নয়ন, সকলোৰে বিশ্বাস অর্জন কৰা। নতুন ভাৰত চলিব সংবিধানেৰে, চৰিয়তেৰে নহয়।’’
সাক্ষাৎকাৰটোত কর্নাটকৰ হিজাব-বিতর্ক সন্দৰ্ভতো মন্তব্য কৰিছে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রীজনে। তেওঁ কয়, স্কুল-কলেজত একে ধৰণৰ পোছাক সকলোৱে পৰিধান কৰা উচিত। গেৰুৱা চাদৰ ব্যৱহাৰতো কাকো জোৰজবৰদস্তি কৰা উচিত নহয়। কৰা হোৱাও নাই।











