![]()
নিউজ ডেস্কঃ
সঁচাকৈয়ে যুদ্ধ হ’ব নেকি? ইউক্রেইনত আক্ৰমণ চলাব নেকি ৰাছিয়াই? মেক্সাৰৰ উপগ্রহ চিত্রই সেই ইঙ্গিতেই দিছে।
উপগ্ৰহ চিত্ৰত দেখা গৈছে, ইউক্রেইনৰ চুবুৰীয়া দেশ বেলাৰুছ, ক্রাইমিয়া, পশ্চিম ৰাছিয়াত বিপুল সেনা বাহিনী মোতায়েন কৰিছে ৰাছিয়াই।
১০ ফেব্রুৱাৰীৰ উপগ্রহ চিত্রত দেখা গৈছে, ক্রাইমিয়াৰ অক্টিয়াব্রস্কোই বিমানঘাটিত বিপুল সেনাবাহিনী আছে। লগতে আছে যুদ্ধৰ সৰঞ্জাম। আনহাতে, উক্ত দেশখনৰেই ছিমফাৰোপোলৰ উত্তৰে পৰিত্যক্ত বিমানঘাটিত প্ৰায় ৫৫০টা তম্বু তৰা হৈছে। লগতে বহু যান-বাহনো ধৰা পৰিছে উপগ্রহ চিত্রত। পৰিত্যক্ত উক্ত ঘাটিত কিয় ইমান তৎপৰতা, সেই লৈ বাঢ়িছে সন্দেহ।
ক্রাইমিয়াৰ উত্তৰ–পশ্চিম উপকূলত শ্লাভনে চহৰৰ ওচৰত আৰু নোভুজেৰনৰ কাষতো প্রচুৰ সেনাবাহিনীৰ অহা-যোৱা দেখা গৈছে। আনহাতে, বেলাৰুছৰ জিয়াব্রভকা বিমানঘাটিতো হেলিকপ্টাৰ, সেনাৰ বাহন, সেনাবাহিনীৰ অস্তিত্বৰ সম্ভেদ পোৱা গৈছে। তাৰ পৰা মাত্র ২৫ কিলোমিটাৰ দূৰৈত আছে ইউক্রেইন সীমান্ত। পশ্চিম ৰাছিয়াতো একেই ছবি ধৰা পৰিছে উপগ্রহত। তাৰ পৰা ইউক্রেইন সীমান্ত ১১৬ কিলোমিটাৰ দূৰৈত।











