![]()
নিউজ ডেস্কঃ
উচ্চপদস্থ বিষয়াৰ নিয়োগৰ পৰা আৰম্ভ কৰি পদোন্নতি, আনকি তেওঁলোকৰ কামৰ সময়ো বান্ধি দিয়া— এই সকলোবোৰেই হৈছিল হিমালয়ৰ সাধুৰ কথা মানি। নেচনেল ষ্টক এক্সচেঞ্জ অৰ্থাৎ এনএছইৰ প্রাক্তন এমডি তথা চিইঅ’ চিত্রা ৰামকৃষ্ণৰ বিৰুদ্ধে অনিয়মৰ গোচৰত দিয়া ১৯০ পৃষ্ঠাৰ ৰায়ত এই কথা জনাইছে শ্বেয়াৰ বাজাৰ নিয়ন্ত্রক ছেবিয়ে। তাত কোৱা হৈছে, এনএছইৰ গ্রুপ অপাৰেটিং অফিচাৰ আৰু এমডিৰ উপদেষ্টাৰ পদত আনন্দ সুব্রমণিয়ামৰ নিয়োগ আৰু পদোন্নতি, সকলো ক্ষেত্রতেই উক্ত সাধুজনৰ পৰামর্শ লৈছিল বুলি জনাইছে চিত্রাই। তেনেদৰে পাৰদৰ্শিতা দেখুৱাব নোৱাৰা সত্ত্বেও বিপুল হাৰত বৃদ্ধি কৰা হৈছিল তেওঁলোকৰ দৰমহাও। উল্লেখ্য, ইতিমধ্যে অনিয়মৰ অভিযোগত চিত্রাক ৩ কোটি টকা আৰু আন দুজন প্রাক্তন কর্ণধাৰ ৰবি নাৰাইন আৰু সুব্রমণিয়াম ২ কোটি জৰিমনা বিহিছে ছেবিয়ে।
উল্লেক্য, ২০১৩ চনৰ এপ্রিলৰ পৰা ২০১৬ চনৰ ডিচেম্বৰ পর্যন্ত এনএছইৰ এমডি তথা চিইঅ’ আছিল চিত্রা। তেওঁৰ কাৰ্যকালতে এক্সচেঞ্জত বিভিন্ন অনিয়মৰ অভিযোগ উঠিছিল। তাৰ পিছতেই তেওঁৰ বিৰুদ্ধে তদন্তত নামে নিয়ন্ত্রক সংস্থাটি। সম্প্রতি তাৰেই ৰায়ত ছেবিয়ে জনাইছে, বিগত ২০ বছৰ ধৰি ব্যক্তিগত আৰু কামৰ বিভিন্ন বিষয়ত হিমালয়ৰ উক্ত সাধুজনৰ পৰামর্শ লৈছিল তেওঁ, যাক তেওঁ ‘শিৰোমণি’ বুলি মাতে।











