![]()
নিউজ ডেস্কঃ
ৰণচণ্ডী মূৰ্তিত ৰাছিয়া। যিকোনো মুহূর্ততে হ’ব পাৰে আক্ৰমণ। জৰুৰীকালীন তৎপৰতা ইউক্রেইনত। এটিএমৰ সন্মুখত দীঘলীয়া শাৰী। কিন্তু হঠাতে অচল সকলো। মোবাইলত ইন্টাৰনেট আছে কিন্তু কোনো কাম কৰিব পৰা নাই। আনকি স্তব্ধ দেশৰ প্রতিৰক্ষা বিভাগৰ চৰকাৰী ৱেবছাইতো। একাধিক বেঙ্কত মূল ছার্ভাৰৰ সৈতে সংযোগ বিচ্ছিন্ন। বৃহত্তম চাইবাৰ আক্ৰমণৰ সন্মুখীন হ’ল ইউক্রেইন। প্রাথমিকভাবে অনুমান কৰা হৈছে হেকিংৰ আঁৰত আছে পুতিনৰ দেশ।
ইউক্রেইনৰ প্রতিৰক্ষা বিভাগে জনাইছে তেওঁলোকৰ ৱেবছাইটত আক্ৰমণৰ কথা। ফলত কোনো ধৰণেই তেওঁলোকৰ ৱেবছাইটত প্রবেশ কৰিব পৰা নাই কোনোৱে। এই ধৰণৰ চাইবাৰ আক্ৰমণক কোৱা হয় ‘ডিট্রিবিউটেড ডিনায়েল অব ছার্ভিচ (ডিডিঅ’এছ)’। ইয়াৰ আগতেও একাধিকবাৰ ইউক্রেইনত চাইবাৰ আক্ৰমণ ৰাছিয়াই চলোৱা বুলি জনা গৈছে। কিন্তু এইবাৰ চাইবাৰ আক্ৰমণৰ ব্যাপ্তি আৰু ব্যাপক।










