![]()
নিউজ ডেস্কঃ
এবিজি শ্বিপয়াৰ্ড আৰু তাৰ অন্তৰ্গত ৯৮টা কোম্পানীয়ে মিলি কৰিছিল ২২ হাজাৰ ৮৪২ কোটি টকাৰ ঋণ প্ৰতাৰণা! যিটো দেশৰ ইতিহাসৰ এই পর্যন্ত সৰ্ববৃহৎ বেঙ্ক প্রতাৰণাৰ ঘটনা।
কিন্তু দেশৰ কোন কোন বেঙ্কৰ পৰা প্ৰতাৰণাৰে ঋণ লৈছি লএবিজি গ্ৰুপে? ৰাষ্ট্ৰীয়কৃত আৰু ব্যক্তিগত খণ্ড মিলাই মুঠ ২৮টা বেংকৰ পৰা পাঁচ বছৰত ২২ হাজাৰ ৮৪২ কোটি ঋণ লৈছিল কোম্পানীটোৱে। যাৰ ভিতৰত আছে এছবিআই আৰু আইচিআইচিআইৰ দৰে বেংকো।
এবিজি গ্রুপক ঋণ দি সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে আইচিআইচিআই বেংক। বেঙ্কটোৱে কোম্পানীটোক ৫ বছৰত ঋণ দিছে মুঠ ৭ হাজাৰ ৮৯ কোটি টকা।
দ্বিতীয় স্থানত থকা আইডিবিআই বেংকে দিছে মুঠ মুঠ ৩ হাজাৰ ৬৩৯ কোটিৰ ঋণ।
তৃতীয় স্থানত থকা এছবিআইয়ে পাঁচ বছৰত এবিজিক ঋণ দিছিল মুঠ ২ হাজাৰ ৯২৫ কোটি।
বেঙ্ক অব বৰোডাৰ পৰা লৈছিল ১ হাজাৰ ৬১৪ কোটি৷
এক্সিম বেঙ্ক অব ইণ্ডিয়াৰ ঋণৰ পৰিমাণ ১ হাজাৰ ৩২৭ কোটি।
পঞ্জাব নেচনেল বেঙ্কৰ পৰা এবিজিয়ে ঋণ লৈছিল ১ হাজাৰ ২৪৪ কোটি।
আনহাতে, ইণ্ডিয়ান অ’ভাৰছিজ বেঙ্কৰ পৰা লোৱা ঋণৰ পৰিমাণ হৈছে ১ হাজাৰ ২২৮ কোটি।
ইফালে ষ্টেণ্ডার্ড চার্টার্ড বেংকে ঋণ দিছে ৭৪৩ কোটি।
বেংঙ্ক অব ইণ্ডিয়া আৰু বৰ্তমান পঞ্জাব নেচনেল বেঙ্কৰ অর্ন্তভুক্ত অ’ৰিয়েণ্টেল বেঙ্ক অব কমাৰ্চৰ এই পৰিমাণ যথাক্রমে ৭১৯ আৰু ৭১৪ কোটি টকা।
ভাৰতীয় ষ্টেট বেংক, ছিঙ্গাপুৰ শাখাই দিয়া ঋণৰ পৰিমাণ ৪৫৮ কোটি।
পূৰ্বৰ ছিণ্ডিকেট বেঙ্ক, বৰ্তমান কানাড়া বেঙ্কৰ পৰিমাণ ৪০৮ কোটি৷
পূৰ্বৰ দেনা বেঙ্ক, বৰ্তমানৰ বেঙ্ক অব বৰোডাই পাঁচ বছৰত দিয়া ঋণৰ পৰিমাণ ৪০৬ কোটি।
বৰ্তমান ইউনাইটেড বেংকৰ অন্তৰ্গত অন্ধ্র বেংকে এবিজি শ্বিপয়ার্ডক পাঁচ বছৰত মুঠ ৩৫০ কোটি টকা ঋণ দিছে।
আইএফচিআই লিমিটেডে দিছে ৩০০ কোটি, ছিকিম্ লিমিটেডে দিছে ২৬০ কোটি টকা, ছাউথ ইণ্ডিয়ান বেংকে দিছে মুঠ ১৪১ কোটি টকা ঋণ।
আনহাতে, পাঁচ বছৰত এলআইচিৰ পৰা এবিজিয়ে সৰকাইছে মুঠ ১৩৬ কোটি টকা।
ইয়াৰ উপৰি এছবিএম বেঙ্ক লিমিটেডৰ পৰা ১২৫ কোটি টকা ঋণ লৈছে৷
লগতে ডিচিবি বেঙ্ক লিমিটেডে দিয়া ঋণ হৈছে ১০৬ কোটি।
পিএনবি (আর্ন্তজাতিক) লিমিটেডৰ ঋণৰ পৰিমাণ ৯৭ কোটি টকা।
লক্ষ্মী বিকাশ বেঙ্ক লিমিটেডৰ ৬১ কোটি৷
ইণ্ডিয়ান বেঙ্ক, ছিঙ্গাপুৰৰ ঋণৰ পৰিমাণ ৪৩ কোটি।
কানাড়া বেংকে ৪০ কোটি, চেণ্ট্ৰেল বেঙ্ক অব ইণ্ডিয়াই ৩৯ কোটি, পঞ্জাব-সিন্ধ বেংকে ৩৭ কোটি আৰু ইণ্ডিয়ান বেংকে দিছে মুঠ ১৭ কোটি টকা ঋণ।
ইয়েছ বেংকে এই পাঁচ বছৰত এবিজিক ঋণ দিছিল মুঠ ২ কোটি টকা।










