![]()
নিউজ ডেস্কঃ
দেশজুৰি চলি থকা হিজাব বিতৰ্কই এইবাৰ অন্য মোৰ লৈছে৷ ছাত্ৰীৰ পৰা হিজাবৰ ভূত এইবাৰ বিয়পিল অধ্যাপিকাৰ গালৈও! যাৰ বাবে চাকৰিৰ পৰা ইস্তফা দিলে কৰ্ণাটকৰ জৈন পিইউ কলেজৰ এগৰাকী অধ্যাপিকাই। চান্দনি নামৰ অধ্যাপিকাগৰাকীৰ অভিযোগ, তেওঁক কলেজত প্ৰৱেশৰ সময়ত হিজাব খোলাৰ কথা কয় কলেজ কর্তৃপক্ষই। তাৰ পিছতেই তেওঁ চাকৰি এৰাৰ সিদ্ধান্ত লয়।
ঘটনা সন্দৰ্ভত টুমাকুৰুৰ জৈন পিইউ কলেজৰ অধ্যাপিকাগৰাকীৰ দাবী, বিগত তিনি বছৰ ধৰি তেওঁ হিজাব পিন্ধিয়েই শিক্ষাৰ্থীসকলক পঢ়ুৱাই আহিছে। কেতিয়াও তেওঁক কোনোৱে হিজাব খোলাৰ কথা কোৱা নাই । এয়াই প্রথম, তেওঁক এনেদৰে বাধা দিয়া হ’ল। চান্দনিয়ে কয়, ‘‘হঠাৎবৃহস্পতিবাৰে কলেজৰ অধ্যক্ষই কয়, হিজাব অথবা অন্য কোনো ধর্মীয় চিন থকা পোছাক পিন্ধি শ্ৰেণীলৈ যাব নোৱাৰিব। কিন্তু বিগত তিনি বছৰ ধৰি মইতো হিজাব পিন্ধিয়েই শ্ৰেণীলৈ গ’লোঁ!’’
চাকৰি এৰা প্রসঙ্গত তেওঁৰ মন্তব্য, ‘‘এই নতুন সিদ্ধান্তই মোৰ আত্মমর্যাদাত আঘাত কৰিছে। সেয়ে ইস্তফা দিলোঁ।’’ ইস্তফা-পত্রতো এইকথা উল্লেখ কৰিছে তেওঁ। আনহাতে, হিজাব নিষেধাজ্ঞা প্রসঙ্গত কলেজ কর্তৃপক্ষৰ উদ্দেশ্যে তেওঁ লিখে, ‘‘আপোনালোকৰ এই অগণতান্ত্রিক কাৰ্যৰ মই তীব্র গৰিহণা দিছোঁ।’’ আনহাতে, কলেজৰ অধ্যক্ষ কেটি মঞ্জুনাথৰ দাবী, তেওঁ বা কলেজ কর্তৃপক্ষই তেওঁক হিজাব পিন্ধি শ্ৰেণীলৈ যাবলৈ মানা কৰা নাই।










