![]()
নিউজ ডেস্কঃ
বোৱাৰীক মাৰিব পাৰে, কিন্তু মূৰ গৰম কৰি নহয়, বৰ শান্ত হৈ ঠাণ্ডা মেজাজেৰে! এই আজৱ পৰামর্শ দি বিতর্কৰ সন্মুখীন হ’ল মালয়েশিয়াৰ এগৰাকী মহিলা মন্ত্রী। তেওঁৰ এই পৰামর্শক তুলাধুনা দিছে নেটিজেনসকলে। কেনেদৰে এনেকুৱা নাৰীবিদ্বেষী মন্তব্য এগৰাকী মন্ত্রীয়ে কৰিব পাৰে, প্রশ্ন নেটিজেনসকলৰ।
উল্লেখ্য, মালয়েশিয়াৰ মন্ত্রী ছিটি জাইলা মহম্মদ ইউচুফে যোৱা সপ্তাহত এটি ভিডিও শ্বেয়াৰ কৰে। ‘মাদাৰ্ছ টিপ- ৪ : হাউ হাজবেণ্ডছ ৰিবিউক ৱাইভছ’ অৰ্থাৎ কেনেদৰে স্বামীসকলে পত্নীক তিৰস্কাৰ কৰিব শীর্ষক ভিডিওটোত তেওঁ পৰামর্শ দিছে, স্বামীসকলে প্রথমতে উচ্ছৃঙ্খল আৰু মেজাজী পত্নীসকলৰ সৈতে কথা পাতিব। তাত কাম নিদিলে স্বামীয়ে পত্নীৰ সৈতে একে বিছনাত নুশুব। সেয়াও কামত নাহিলে স্বামী যে কঠোৰ স্বভাৱৰ সেয়া বুজাবলৈ লাহে-ধীৰে মাৰধৰ কৰিব পাৰে।
মালয়েশিয়াৰ মন্ত্রীগৰাকীৰ এই পৰামর্শ মুহূর্ততে ভাইৰেল হয়। তীব্র সমালোচনাৰ সন্মুখীন হয় তেওঁ। নাৰী অধিকাৰ সন্দৰ্ভত কাম কৰা বিভিন্ন সংগঠনে মন্ত্রীগৰাকীৰ পদত্যাগ দাবী কৰে। তেওঁলোকৰ অভিযোগ, এনেদৰে নিজৰ অজানিতেই গার্হস্থ হিংসাক মান্যতা দিলে মন্ত্রীগৰাকীয়ে।










