![]()
নিউজ ডেস্কঃ
হিজাব বিতর্কত এইবাৰ তছলিমা নাছৰিনক কঠোৰ ভাষাৰে আক্রমণ আছাদউদ্দিন ৱেইছিৰ। বাংলাদেশৰ লেখিকাগৰাকীক ‘বিদ্বেষৰ প্রতীক’ আখ্যা দিছে মিম প্রধান ৱেইছিয়ে। এক সর্বভাৰতীয় সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত ৱেইছিয় কয়, ‘মই ইয়াত বহি এনে কাৰো কথাৰ উত্তৰ নিদিওঁ যি নেকি বিদ্বেষৰ প্রতীক হৈ উঠিছে। মই এনে কাৰো কথাৰ উত্তৰ নিদিওঁ যাক শৰণার্থী হিচাবে আশ্রয় দিয়া হৈছিল, যিয়ে ভাৰতত থাকি মিছা কৈছে আৰু নিজৰ দেশত নিজকে নিৰাপদ বুলি নাভাবে। মই ইয়াত বহি এনে কাকোৱে লৈ কথা নকওঁ।’
কিন্তু কথা নকওঁ বুলিও অৱশ্যে বহু কথাই কৈ পেলালে আছাদউদ্দিন ৱেইছিয়ে। হিজাব সন্দৰ্ভত তছলিমাৰ মতামত যে তেওঁৰ পছন্দ নহয় সেয়া কোৱা বাহুল্য।
উল্লেখ্য, সম্প্রতি তছলিমাই কৈছিল, ‘কিছু মুছলিমে ভাবে হিজাব পিন্ধাটো অৱশ্যেই পালনীয় কাম আকৌ কোনো কোনেৱে ভাবে সেয়া নহয়। আচলতে সপ্তম শতিকাত কিছু নাৰী-বিদ্বেষীয়ে হিজাবৰ প্রচলন কৰিছিল। কাৰণ সেই সময়ত মহিলাসকলক যৌন সম্ভোগৰ উপকৰণ হিচাবে ভবা হৈছিল। তেওঁলোকে ভাবিছিল যদি পুৰুষসকলে মহিলাসকলৰ দৃষ্টি দিয়ে তেন্তে তেওঁলোকৰ যৌনসম্ভোগৰ ইচ্ছা জাগিব। সেয়ে মহিলাসকলে হিজাব আৰু বোৰ্খা পিন্ধিব লাগিব।’
তছলিমাই লগতে কয়, ‘আমাৰ আধুনিক সমাজত, একবিংশ শতিকাত নাৰীসকল পুৰুষসকলৰ সমান। সেয়ে হিজাব, নিকাব, বোৰ্খা এইবোৰ নিপীড়নৰ প্রতীক। মই ভাবো, বোৰ্খা হিজাবে নাৰীসকলক কেৱল এটা যৌন অঙ্গত পৰিণত কৰে।’ বাংলাদেশী লেখিকাগৰাকীৰ এই বক্তব্য স্বাভাবিকভাবেই মানি ল’ব পৰা নাই ৱেইছিয়ে। তেওঁ কয়, ভাৰতৰ সংবিধানে সকলো ধর্মৰ মানুহকে তেওঁলোকৰ ধর্ম পালনৰ অধিকাৰ দিয়ে। এইক্ষেত্রত উদাৰপন্থী আৰু সোঁপন্থী, দুই পক্ষকেই আক্ৰমণ কৰে তেওঁ।










