![]()
নিউজ ডেস্কঃ
দিল্লীৰ পুৰণি ছিমাপুৰী অঞ্চলত এটি বেগত ইম্প্র’ভাইজড এক্সপ্লোছিভ ডিভাইচ (আইইডি) উদ্ধাৰ কৰে দিল্লী আৰক্ষীৰ। এটি পৰিত্যক্ত ঘৰত পোৱা গৈছিল এই আইইডি। বোমা স্কোৱাড আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী দ্রুততাৰে গৈ তাত উপস্থিত হয়। তাৰ পূৰ্বে এলেকাটো ঘেৰাও কৰি লয় দিল্লী আৰক্ষীৰ বিশাল বাহিনীয়ে। উক্ত পৰিত্যক্ত এপার্টমেণ্টটোৰ ফৰেন্সিক পৰীক্ষা চলাইছে ৰোহিণী ফৰেন্সিক লেবৰটৰীয়ে। এনএছজিয়ে আইইডিখিনি নিজৰ জিম্মালৈ নিছে আৰু নিৰাপদ স্থানত নিষ্ক্রিয় কৰিব বুলি খবৰ।
জানিব পৰা মতে, এপার্টমেণ্টটোৰ মালিক কাচিম নামৰ এজন ব্যক্তি৷ চাকিল নামৰ এজন ব্যৱসায়ীৰ জৰিয়তে এপার্টমেণ্টটোৰ দ্বিতীয় মহলা ভাড়া দিছিল কাচিমে। ভাড়া এজনক দিয়া হৈছিল যদিও ১০ দিনমানৰ পৰা আৰু তিনিজন তাত থকা বুলি খবৰ। আটাইকেইজনেই আৰক্ষী অহাৰ পূৰ্বে পলায়ন কৰে। আৰক্ষীয়ে অনুসন্ধান তীব্ৰ কৰি তুলিছে৷










