![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : গৌৰৱোজ্জল ২৮ বছৰ গৰকা ডিফু বিএড কলেজৰ বিগত সপ্তাহজোৰা কলেজ সপ্তাহৰ আজি সফল সামৰণি পৰে৷ ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি মহাবিদ্যালয় কলেজ সপ্তাৰ কাৰ্যসূচী আজি বাৰেৰহণীয়া সাংস্কৃতিক সমদলেৰে সামৰণি মৰা হয় ৷
আজি পুৱা ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উলিওৱা এই বৰ্ণাঢ্য সংস্কৃতিক সমদলৰ মূল থীম আছিল “অনৈক্যৰ মাজত ঐক্য” ৷ মহাবিদ্যালয়খনত অধ্যষৃয়নৰত বিভিন্ন জাতি-জনজাতি আৰু ধৰ্মালম্বীৰ ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ পৰাম্পৰাগত সাজ-পাৰ পৰিধান কৰি ডিফু চহৰৰ মাজেৰে উলিওৱা সমদলে চহৰবাসীৰ দৃষ্টি আকৰ্ষণ কৰে ৷ মহাবিদ্যালয়খনৰ বিশেষ কাৰ্যৰত বিষয়া ডঃ লিপচন ৰংপ্য়ে কয় যে, আমাৰ দেশ এখন বিশাল দেশ, অনৈক্যৰ মাজত ঐক্যই আমাৰ দেশৰ শক্তি ৷ এই বাণী প্ৰচাৰ কৰাই আমাৰ মূল লক্ষ্য ৷
আনহাতে মহাবিদ্যালয়খনৰ অধ্যক্ষ জ্যোস্না বসুমতাৰীয়ে কয় যে, প্ৰথমবাৰৰ বাবে এনে সাংস্কৃতিক সমদল বাহিৰ কৰিছো আৰু আমাৰ থীমটোৱেই হ’ল অনৈক্যৰ মাজত ঐক্য ৷ কাৰণ, শিক্ষা গ্ৰহণ কৰিলেই নহ’ব, আমি ঐক্যতাৰে বসবাস কৰিব শিকিব লাগিব ৷ যিহেতু আমাৰ জিলাখন বিভিন্ন জাতি-জনগোষ্ঠীৰে পৰিপূৰ্ণ এথন জিলা সেয়ে ছাত্ৰ-ছাত্ৰীসকলে একতাৰে শিক্ষা গ্ৰহণ কৰি জিলাখনক আগুৱাই নিব লাগিব ৷












