![]()
ছাইদুল ইছলাম
ডিফু : কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন যিমান চমু চাপি আহিছে শাসনাধীন বিজেপী আৰু আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টি হিলচ লিডাৰচ কনফাৰেন্সৰ চমুকৈ APHLC-ৰ মাজত চলিছে তীব্ৰ ৰাজনৈতিক বাক্যবাণ আৰু শক্তি প্ৰদৰ্শন ৷ কালি বিজেপি দলৰ এছটি মৰ্চাৰ ৰাজ্যিক সম্পাদক লংচিং টকবিৰ নেতৃত্বত ডিফু চহৰত APHLC-ৰ সভাপতি জে আই কাথাৰৰ প্ৰতিমূৰ্তি দাহ কৰা হৈছিল ৷ কাথাৰৰ বিৰুদ্ধে বিজেপি নেতৃত্বাধীন পৰিষদৰ নেতাসকলক বান্দৰৰ সৈতে তুলনা কৰাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰিছিল বিজেপিৰ এছটি মৰ্চাই ৷
আনহাতে APHLC-ৰ মুখপাত্ৰ আংতং ইংতিয়ে বিজেপি এছটি মৰ্চাক সংবাদমেলযোগে তীব্ৰ প্ৰত়্যাহ্বান জনাই কয় যে, জে আই কাথাৰে পৰিষদৰ নেতৃবৃন্দক বান্দৰৰ সৈতে তুলনা কৰা নাছিল বৰঞ্চ তেওঁ এটা উদাহৰণ দিব বিচাৰিছিল ৷ বিজেপি দলে জিলাখনৰ মূল জলন্ত সমস্যাসমূহ এৰাই চলিবৰ বাবে এনে টুলুঙা অভিযোগ অনা বুলি ইংতিয়ে দাবী কৰে ৷ বিজেপি এছটি মৰ্চাৰ এনে অভিযোগৰ প্ৰত্যাহ্বান দিবৰ বাবে অহা ২১ ফেব্ৰুৱাৰীত ছেমচনচিং ইংতি মেম’ৰিয়েল পাৰ্কৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপাষণ কৰিব বুলি ইংতিয়ে সংবাদমেলত প্ৰকাশ কৰে ৷
ইংতি লগতে কয় যে, এই ধৰ্ণা কাৰ্যসূচীত আন বিষয়সমূহ ক্ৰমে-সুকীয়া ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত পৰিষদ বিফল হোৱা, এইক্ষেত্ৰত আদালতে ৰ্ৰদান কৰা নিৰ্দেশ আদি অমান্য কৰা ইচ্যুও অন্তৰ্ভূক্ত কৰা হ’ব ৷ ইপিনে বিজেপি এছটি মৰ্চাই জেআই কাথাৰৰ আৱাস গৃহ ঘেৰাও কৰিব বুলি কৰা বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ইমতিয়ে কয় যে, বিজেপি এছটি মৰ্চাক আমি স্বাগতম জনাম আৰু কাৰবি পহ’ৰে আদৰণি জনাম ৷
এছটি মৰ্চাক আক্ৰমণৰ লক্ষ্য কৰি তেওঁ কয় যে, বিজেপি দলে তেওঁলোকৰ এই সংগঠনটোক এছটি মৰ্চাৰ নাম দিছে যদিও সংগঠনটোৱে জনজাতি সকলক সুৰক্ষা দিয়াৰ বিপৰীতে আন কামহে কৰা পৰিলক্ষিত হৈছে ৷ নিৰ্বাচনৰ পূৰ্বে পাহাৰৰ জনসাধাৰণৰ পৰা মূল সমস্যাসমূহ আঁতৰ কৰাৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে ৷ ভোটাৰ তালিকাৰ পৰা অ-জনজাতীয়লোকৰ নামকৰ্তন কৰাৰ দাবী উত্থাপন কৰাৰ বিপৰীতে তেওলোকক সংৰক্ষণহে প্ৰদান কৰিব বিচাৰিছে ৷ আমাৰ কাৰ্যালয় আৰু সভাপতিৰ বাসগৃহ ঘেৰাও কৰিব আহিলে আমি তেওঁলোকক দেখুৱাম কিদৰে অনা জনজাতীয় ব্যৱসায়ীয়ে বৃহৎ বাসগৃহ সাজিছে আৰু জনজাতীয় লোকৰ ভূমিত কি দৰে বেদখল সাব্যস্ত হৈছে বুলি প্ৰত্যাহ্বান জনাইছে ইংতিয়ে ৷












