![]()
ছাইদুল ইছলাম
ডিফু : ২০২১-২২ বৰ্ষৰ বাবে চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে কাৰবি আংলং জিলাৰ পৰা মেডিকেল প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱা ২২ গৰাকীকৈ কৃতী ছাত্ৰ-ছাত্ৰীক আজি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰে ৷
আজি ডিফুস্থিত বৃক্ষ উদ্যান আৰু শিল্প কেন্দ্ৰৰ সভা সন্মিলন কক্ষত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠানত মখ্য কাৰ্যবাহী সদস্যৰ সাহায্য পুঁজিৰ জৰিয়তে মেডিকেল প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ -ছাত্ৰীসকলৰ হাতত এককালীন সাহায্যৰ চেকসমূহ প্ৰদান কৰাৰ লগতে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷
সম্বৰ্ধনা অনুষ্ঠানৰ শেষত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, মুখ্য কাৰ্যবাহী সদস্য সাহায্য পুঁজিৰ জৰিয়তে ২০২১-২২ বৰ্ষৰ বাবে নাম ভৰ্তিৰ বাবে মেডিকেল পৰীক্ষাত উত্তীৰ্ণ ২২ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হৈছে ৷ জিলাখনৰ মেডিকেল ছাত্ৰ-ছাত্ৰীসকলে জিলাখনৰ ভৌগোলিক সীমাৰ ভিতৰত জনসেৱা কৰাৰ বাবে চুক্তবদ্ধ হলে তেওঁলোকৰ অধ্যয়নৰ যাৱতীয় খৰছ পৰিষদে বহন কৰিব বুলি কয় ৰংহাঙে ৷
ইয়াৰোপৰি বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰ বাবে স্থান প্ৰাপ্ত ছাত্ৰ -ছাত্ৰীসকলৰ অধ্যয়নৰ বাৰ্ংষিক ব্যয়ো পৰিষদে বহন কৰিব বুলি আশ্বাস দিছে ডাঃ তুলিৰাম ৰংহাঙে ৷












