![]()
ছাইদুল ইছলাম
ডিফু : পূৰ্বে ঘোষণা কৰা অনুসৰিয়েই আজি শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰি কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে জিলাখনৰ আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টি হিলছ লীডাৰ্ছ কনফাৰেন্স চমুকৈ এপিএইচএলচিয়ে।
ডিফুৰ চেমচনছিং ইংতি স্মৃতি উদ্যানৰ পৰা দলটোৰ ভালেসংখ্যক নেতা-কৰ্মীয়ে ডিফু নগৰৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়াই শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে। চেমচনছিং ইংতি স্মৃতি উদ্যানত আজি ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীতো বিভিন্ন শ্লʼগানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি এপিএইচএলচিৰ মুখপাত্ৰ আংতং ইংতিয়ে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে পৰিষদীয় চৰকাৰখনে সুকীয়া ভোটাৰ তালিকা প্ৰস্তুত কৰাত ব্যৰ্থ হোৱাৰ বাবে তীব্ৰ ভাষাৰে ককৰ্থনা কৰে।
পৰিষদৰ নিৰ্বাচনৰ বাবে চৰকাৰখনে এতিয়াও সাধাৰণ নিৰ্বাচনৰ ভোটাৰ তালিকাকে ব্যৱহাৰ কৰি অহা বুলি মন্তব্য কৰি মূখপাত্ৰগৰাকীয়ে কয় যে পৰিষদে নিজা ক্ষমতা প্ৰয়োগ কৰি পৰিষদৰ বাবে সুকীয়া ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰিব পাৰে যদিও সেয়া কৰাত পৰিষদ ব্যৰ্থ হৈছে। এই সন্দৰ্ভত ৰাজনৈতিক দলটোৰ তৰফৰ পৰা উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন কৰাৰ পিছত উচ্চ ন্যায়ালয়ে পৰিষদ কৰ্তৃপক্ষক ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়াৰ পিছতো সেয়া কাৰ্যকৰী কৰি তোলাৰ ক্ষেত্ৰত পৰিষদ ব্যৰ্থ হোৱা বুলি ইংতিয়ে ক্ষোভ প্ৰকাশ কৰে। সেয়েহে বিজেপি চৰকাৰে জনজাতীয় লোকসকলক সুৰক্ষা দিব নোৱাৰে বুলি দলটোৰ নেতাগৰাকীয়ে উল্লেখ কৰে।
আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা প্ৰতিবাদকাৰীসকলে লগতে পৰিষদৰ ভোটাৰ তালিকাৰ পৰা অজনজাতিসকলৰ নাম কৰ্তন কৰাৰ লগতে বিজেপি চৰকাৰৰ বিৰোধিতাৰে বিভিন্ন শ্লʼগান সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।












