![]()
ছাইদুল ইছলাম
ডিফু : অহা এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কাৰবি আংলং জিলা কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে জিলা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ছুম ৰংহাঙক ৷ বিগত সময়ছোৱাত জিলাখনত কেইবাটাও নিৰ্বাচনত ধাৰাহাহিক বিপৰ্যয়ৰ সন্মূখীন হৈ অহা কংগ্ৰেছ দলৰ অতিকে সংকটৰ সময়ত পাহাৰৰ ৰাজনীতিত দলটোৰ নেতৃত্বৰ ভাৰ লোৱা নতুন সভাপতিগৰাকীয়ে আজি ডিফুস্থিত জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত আনুষ্ঠিকভাবে দলৰ গুৰু দায়িত্ব চমজি লয় ৷
এই উদ্দেশ্যে আজি জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত দলীয় নেতা-কৰ্মীসকলে নৱ নিযুক্ত সভাপতি গৰাকীক উষ্ম অভিনন্দন জনোৱা পৰিলক্ষিত হয় ৷ ফুলাম গামোছা, পহ’ ফুলৰ থোপাৰে দলীয় কৰ্মীসকলে সভাপতিগৰাকীক আদৰণি জনায় ৷ পৰিষদীয় নিৰ্বাচনৰ প্ৰাকক্ষণত আজি জিলা কংগ্ৰেছৰ কাৰ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে ৷ দলীয় অভিবাদন গ্ৰহণ কৰি সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ছুম ৰংহাঙে আগনন্তলক পৰিষদীয় দলটোক কেনেদৰে আগুৱাই নিয়া হয় তাৰ ওপৰত চিন্তা চৰ্চা কৰা হব বুলি কয় ৷ এইক্ষেত্ৰত দলৰ জ্যেষ্ঠসকল আৰু দলীয় নেতা-কৰ্মীৰ সৈতে আলোচনাৰ মাধ্যমেৰে দলীয় নেতা-কৰ্মীক উজ্জিৱীত কৰি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব ৷ জিলাখনত কংগ্ৰেছ দলৰ যাত্ৰা এতিয়া শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব বুলি মন্তব্য কৰি নেতাগৰাকীয়ে পৰিষদত বুজন সংখ্যক আসনেৰে জয় লাভ কৰি পৰিষদ দখল কৰিবলৈ কাম কৰি যাব বুলি কয় ৷
আনহাতে বিজেপি শাসিত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হৈ পৰা ছুম ৰংহাঙে চৰকাৰৰ পৰা যি হাৰত ধন আৱণ্টিত হৈছে সেই অনুপাতে জিলাখনত উন্নয়ন হোৱা নাই বুলি অভিযোগ কৰে ৷












