ASSAM TIMES POST
অমৃত কুমাৰ শৰ্মা, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ অন্তৰ্গত দিখৌমুখ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত অধ্যক্ষ হৰেণ ভূঞাৰ বাসগৃহত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৱসৰপ্ৰাপ্ত অধ্যক্ষ হৰেণ ভূঞাৰ বাসগৃহত উপস্থিত হৈ ৰাজ্যৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ লগতে সমস্যাৰাজিৰ সন্দৰ্ভতো আলোচনা কৰে।

ৰাজ্যৰ চাৰি সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতীয় জনতা পাৰ্টিৰ ফলাফল আটাইতকৈ ভাল হ’ব বুলি দাবী কৰে। দিখৌমুখৰ বিশিষ্ট শিক্ষাবিদ হৰেণ ভূঞাৰ বাসগৃহত সৌজন্যসূচক সাক্ষাৎকাৰৰ পাছত মুখ্যমন্ত্ৰী সোনোৱালে কৰিলে এই দাবী।
শাসকীয় চৰকাৰৰ উন্নয়নমূলক কাম কাজৰ বাবেই ৰাইজে নিৰ্বাচনত দলটোৰ প্ৰতি সঁহাৰি জনাব বুলি মুখ্যমন্ত্ৰী সোনোৱালে মত প্ৰকাশ কৰে।













