![]()
নিউজ ডেস্কঃ
আজি পুৱাতেই ইউক্রেইনত আবদ্ধ হৈ থকা ভাৰতীয়সকলক উদ্ধাৰৰ বাবে ৰাওনা হৈছিল এয়াৰ ইণ্ডিয়াৰ বিমান। কিন্তু মাজপথৰ পৰাই উভতি আহিবলগা হয় বিমানখন। কাৰণ তেতিয়ালৈকে আকাশসীমা বন্ধ কৰি দিয়ে ইউক্রেইনে। কাৰণ তাত বিমান অৱতৰণ কৰাটো বিপজ্জনক। এইবাৰ সেয়ে আবদ্ধ নাগৰিকসকলক ভিন্ন পথেৰে দেশলৈ উভতাই অনাৰ পৰিকল্পনা কৰিছে নতুন দিল্লীয়ে।
সূত্রৰ খবৰ মতে, আকাশপথেৰে নোৱাৰিলে স্থলপথেৰে অন্য দেশেৰে ইউক্রেইনত সোমাই নাগৰিকসকলক উদ্ধাৰ কৰিব পাৰে ভাৰতে। ব্যৱহাৰ কৰিব পাৰে জলপথো।











