![]()
নিউজ ডেস্কঃ
ইউক্রেইন প্রশাসনে জনাইছে, ৰুছ আক্ৰমণত এই পর্যন্ত ৪০ জন জোৱান আৰু ১০ জন নাগৰিকৰ মৃত্যু হৈছে। ৰাছিয়াই নিক্ষেপ কৰা ক্ষেপণাস্ত্রই আঘাত কৰিছে ইউক্রেইনৰ খাৰকিভৰ ওচৰৰ এটি অট্টালিকাত। অৱশ্যে তাত কিমানজন হতাহত হৈছে, জানিব পৰা হোৱা নাই। কিয়ভ এৰি প্রাণৰ মমতাত পলাইছে নাগৰিকসকল। ৰাস্তাত শাৰী শাৰী গাড়ী, তীব্র যান-জঁট। গোটেই চহৰখনতে বিপদকালীন চাইৰেনৰ শব্দ।
ৰুছ সেনাৰ আক্ৰমণৰ পৰা নাগৰিকসকলক সুৰক্ষিত ৰাখিবলৈ বাঙ্কাৰবোৰ প্রস্তুত কৰি ৰাখিছে ইউক্ৰেইন চৰকাৰে।











