ASSAM TIMES POST
ডিব্ৰুগড়ঃ মহামানৱ মাহাত্মা গান্ধীৰ ১৫০ তম্ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি মঙলবাৰে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ে এক স্বচ্ছতা কাৰ্য্সূচী হাতত লয়।

উল্লেখযোগ্য যে ‘মহাত্মা গান্ধী গ্ৰামীণ শিক্ষা পৰিষদে’ গান্ধীজিৰ পৰীক্ষামূলক শিক্ষা নীতি ‘নই তালিম’ক প্ৰচাৰ কৰাৰ উদ্দেশ্যে ২৬ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈকে সপ্তাহযোৰা এক কাৰ্যসূচী গ্ৰহণ কৰিছে।
এই কাৰ্য্সূচীৰ অধীনত দেশৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন বিদ্যালয়, আৰ.জি.ডি., ডি.ই.অ., ডায়েট ইত্যাদি অনুষ্ঠানবিলাকৰ মুৰব্বীক গছপুলি ৰোপণ, স্বচ্ছতা অভিযান, ছাত্ৰ-ছাত্ৰীক নিকটৱৰ্তী কৃষি পাম দৰ্শন, কাৰুকলাৰ লগত জড়িত স্থানীয় কোনো পেচাদাৰী শিল্পীক নিজ প্ৰতিষ্ঠানলৈ আমন্ত্ৰণ জনাই এটি অনুষ্ঠানৰ আয়োজন কৰাবলৈ আহ্বান জনায়।
উক্ত আহ্বানৰ প্ৰতি সহাঁৰি জনাই জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰশিক্ষাৰ্থীসকলে নিজ প্ৰতিষ্ঠানটোৰ চৌপাশ চাফ-চিকুণ কৰাৰ লগতে গছ্পুলি ৰোপণ কৰে। লগতে প্ৰতিষ্ঠানটোলৈ সোমাই অহা পথছোৱা পৰিষ্কাৰ কৰি স্থানীয় ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে।













