![]()
নিউজ ডেস্কঃ
ইউক্রেইনৰ ওপৰত জঁপিয়াই পৰিছে মহা শক্তিধৰ ৰাছিয়া৷ আনহাতে, নিজৰ আৰু বিভিন্ন বন্ধু ৰাষ্ট্রৰ পৰা পোৱা সামৰিক অস্ত্রৰে ওলোটা প্রতিৰোধৰ চেষ্টা চলাইছে ইউক্রেইনেও।
প্রশ্ন হৈছে, নিজৰ অস্ত্র ভাণ্ডাৰৰ পৰা কি কি সামৰিক অস্ত্রসজ্জাৰে ইউক্ৰেইনৰ ওপৰত জঁপিয়াই পৰিব পাৰে ৰাছিয়া?
ভোলোদিমিৰ বনাম ভ্লাদিমিৰৰ মাজত আৰম্ভ হোৱা এই সঙ্ঘাতত ৰাছিয়াৰ প্রধান অস্ত্র হ’ব পাৰে, শক্তিশালী অত্যাধুনিক টেঙ্ক ‘টি-৯০’। বিশ্বৰ সামৰিক শক্তিৰ ইতিহাসত অন্যতম বিশ্বস্ত যুদ্ধ টেঙ্ক হিচাবে পৰিচিত টি-৯০ সামৰিক টেঙ্ক।
টি-৯০ টেঙ্ক হৈছে ইয়াৰ পূৰ্বৰ টি-৭২ টেঙ্কৰ আধুনিক ৰূপ। ৰাছিয়াৰ পৰা ভাৰতেও পাইছে এই অত্যাধুনিক টেঙ্ক।
বর্তমান প্রায় ৭৫০ৰ পৰা ১০০০খন ‘টি-৯০’ যুদ্ধ টেঙ্ক আছে ৰাছিয়াৰ। এই যুদ্ধ টেঙ্কৰ সকলোতকৈ চমকপ্রদ বৈশিষ্ট্য হ’ল কনটেক্ট—৫ বিস্ফোৰক বর্মৰ উপস্থিতি। এই বৰ্মে শত্রুৰ অস্ত্রৰ পৰা টেঙ্কবোৰক ৰক্ষা কৰে।
সুসজ্জিত যুদ্ধ়ানত বহুওৱা কোৱাল্টচিয়া হাউইৎজাৰ হৈছে আৰু এবিধ আধুনিক কামান। যাৰ জৰিয়তে সহজতেই ইউক্রেইনৰ সামৰিক শক্তিৰ ওপৰত জঁপিয়াই পৰিব পাৰে ৰাছিয়া। ১৫৫ মিলিমিটাৰৰ এই কামানে প্রতি মিনিটত ১৬টো গোলা এৰিব পাৰে। কামানত স্বয়ংক্রিয়ভাবে গোলা ভৰোৱাৰো ব্যৱস্থা আছে।
যুদ্ধ পৰিস্থিতিত সুৰক্ষিতভাবে সেনা জোৱানসকলক এটা স্থানৰ পৰা অন্য স্থানলৈ লৈ যাবলৈ সক্ষম ‘ৰাকুস্কা’ সামৰিক যান।
অত্যাধুনিক অস্ত্রৰ দ্বাৰা সুসজ্জিত সেনাৰ গাড়ীখনে আকাশৰ পৰা অৱতৰণৰ পিছত পেৰা ট্রুপাৰ বাহিনীক এটা স্থানৰ পৰা অন্য স্থানলৈ যোৱাত সহায় কৰে। এই সামৰিক যানত সর্বাধিক ১৩জন সেনাই যাতায়াত কৰিব পাৰে। এই গাড়ীত ৭.৬ মিলিমিটাৰ গুলীযুক্ত স্বয়ংক্রিয় বন্দুকৰ উপৰি স্বয়ংক্রিয়ভাবে ৩০ মিলিমিটাৰৰ গ্রেনেড ফুটোৱাৰ ব্যৱস্থা আছে।
ইউক্রেইন-ৰাছিয়া সঙ্ঘাতত অন্যতম মাৰাত্মক অস্ত্র হ’ব পাৰে ৰাছিয়াৰ উৰাগান ৰকেট লঞ্চাৰ। উৰাগান ৰকেট লঞ্চাৰে একেলগে একাধিক ৰকেট নিক্ষেপ কৰিব পাৰে।
উৰাগানত মুঠ ১২টা লঞ্চাৰ টিউব আছে আৰু লঞ্চাৰ টিউবত থকা ৩০০ মিলিমিটাৰ দীঘল ৰকেটবোৰত প্রায় ২৮৫ কিলোগ্রামৰ বিস্ফোৰক থাকিব পাৰে। উৰাগানৰ পৰা নিক্ষেপ কৰা ৰকেট সর্বাধিক ৫৫ মাইল পৰ্যন্ত যাব পাৰে।
ইছকাণ্ডৰ ভূমিৰ পৰা ভূমিলৈ নিক্ষেপ ক্ষেপণাস্ত্রও ইউক্রেইনৰ বাবে অপ্রতিৰোধ্য হৈ উঠিব পাৰে। হ্ৰস্ব দূৰত্বৰ এই ক্ষেপণাস্ত্রবোৰ এখন ট্রাকৰ ওপৰত উঠোৱা থাকে। প্রতিখন ট্রাকত দুটাকৈ ইছকাণ্ডৰ ক্ষেপণাস্ত্র থাকিব পাৰে। ১৬ মিনিটৰ মূৰে মূৰে এই ক্ষেপণাস্ত্রবোৰ নিক্ষেপ কৰিব পৰা যায়।
ৰাছিয়াৰ হাতত মুঠ ১৩৬টা ইছকাণ্ডৰ ক্ষেপণাস্ত্র আছে৷ যাৰ দ্বাৰা ইউক্রেইনক সন্ত্রস্ত কৰিবলৈ যথেষ্ট। বৃহৎ বৃহৎ সেনা ছাউনি পর্যন্ত উৰুৱাই দিব পাৰে এই ক্ষেপণাস্ত্রই।










