![]()
নিউজ ডেস্কঃ
যুদ্ধ পৰিস্থিতিত অনির্দিষ্টকালৰ বাবে ইউক্রেইনৰ আকাশসীমা বন্ধ। এই পৰিস্থিতিত ইউক্রেইনৰ প্রতিবেশী দেশ হাঙ্গেৰী, পোলেণ্ড, শ্লোভাকিয়া আৰু ৰোমানিয়াৰ সীমান্ত ব্যৱহাৰ কৰি তাত আবদ্ধ হৈ থকা ভাৰতীয়সকলক উদ্ধাৰৰ বাবে তৎপৰ হৈছে নতুন দিল্লী।
বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে জনাইছে, ইউক্রেইনত আবদ্ধ হৈ থকা ভাৰতীয়সকলক দেশলৈ উভতাই আনিবলৈ উক্ত চাৰিখন দেশলৈ গৈছে বিদেশ মন্ত্ৰালয়ৰ চাৰিটা দল। সংশ্লিষ্ট চাৰিখন দলৰ প্রধান সমন্বয়কাৰীৰ ফোন নম্বৰো দিছে তেওঁ। অৰিন্দমে টুইটাৰত লিখিছে, ‘হাঙ্গেৰী, পোলেণ্ড, শ্লোভাকিয়া আৰু ৰোমানিয়া সংলগ্ন ইউক্রেইনৰ স্থল সীমান্তৰ কোনো স্থানৰ ওচৰে-পাজৰে উপস্থিত হৈ ইউক্রেইনৰ ভাৰতীয় নাগৰিকসকলে এই দলবোৰৰ সৈতে যোগাযোগ কৰিব পাৰে।’
উল্লেখ্য, একঅসমর্থিত সূত্র মতে, সকলো মিলাই এতিয়াও ১৮ হাজাৰ ভাৰতীয় আবদ্ধ হৈ আছে ইউক্রেইনত।











