![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
নিজৰ কৰ্তব্য শেষ কৰি বনকৰ্মী দলটো বাহনত আহি থকা পথত সংঘটিত হয় এই ঘটনা। বনকৰ্মী দলটো পথেৰে আহি থকা অৱস্হাত কাকী শংকৰপুৰত এখন চোৰাং কাঠ ভৰ্টি টাটা মৱাইল বাহনে কাঠ লৈ যোৱা বনকৰ্মী দলটোৱে প্ৰত্যক্ষ কৰি বাহনখন ৰখাবলৈ চেষ্টা কৰোতেই বনকৰ্মীৰ মেজিক বাহনত খুন্দা মাৰি পলাতক হয় টাটা মৱাইল বাহনখন ।
ফলত, আঘাট প্ৰাপ্ত হয় মেজিকখনত থকা বনবিষয়াসহ ৫ জন বনকৰ্মী। বনকৰ্মীৰ দলটোৰ প্ৰাৰম্ভিক তদন্তৰ পিছত খুন্দা মৰা গাড়ীখন উদালী জাৰণী গাঁৱৰ মঃ আব্দুল আহাদৰ বুলি জানিব পাৰি স্হানীয় আৰক্ষী, বন সুৰক্ষাকৰ্মী আৰু বনকৰ্মীক লগত লৈ আব্দুল আহাদৰ ঘৰত অভিযান চলাই বনবিভাগে জব্দ কৰে বহু পৰিমাণৰ চোৰাং ফলা কাঠ।
ইতিমধ্যে কাকী আৰক্ষী থানাত মঃ আব্দুল আহাদ আৰু তেওৰ ভাতৃ মঃ আব্দুল আজিদৰ বিৰুদ্ধে বন বিভাগে দাখিল কৰিছে এজাহাৰ।
জানিব পৰা মতে, দুৰ্ঘটনাটো সংঘটিত কৰা সময়ত আব্দুল আজিদে চলাই আছিল টাটা মৱাইল বাহনখন।
কাঠখিনিৰ বজাৰ মূল্য দুই লক্ষ্যধীক টকা। যোৱা ২৩ তাৰিখে সংঘটিত হৈছিল উক্ত ঘটনাটো।












