![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ দাবীত সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজে ঘোষণা কৰা ২৮ ফেব্ৰুৱাৰী সৰ্বশিক্ষা ঘেৰাও কাৰ্যসূচী সাময়িকভাৱে স্থগিত ঘোষণা কৰিছে। অহা ৯মাৰ্চত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰে বৈঠকৰ আনুষ্ঠানিক আশ্বাসৰ পাছতেই পূৰ্বে ঘোষিত কাৰ্যসূচী স্থগিত ৰখা কথা এক বিবৃত্তি যোগে জানিবলৈ দিয়ে ঠিকাভিত্তিক প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজে।
উল্লেখ্য শিক্ষকসমাজে শুকুৰবাৰে সৰ্বশিক্ষা মিছন সঞ্চালিকাৰ সৈতে বৈঠকত মিলিত হৈছিল। উক্ত আলোচনাতে শিক্ষকসকলে চৰকাৰ সৈতে বৈঠকত মিলিত হোৱাত আগ্ৰহী বুলি কয়। বিশেষকৈ শিক্ষা বিভাগৰ মূৰব্বী শিক্ষামন্ত্ৰীৰে বৈঠকত মিলিত হোৱাৰ পোষকতা কৰে। সেই মৰ্মে মিছন সঞ্চালিকাই শিক্ষামন্ত্ৰীৰে যোগাযোগ কৰি ৯ মাৰ্চত আলোচনাৰ চূড়ান্ত কৰে।
গুৰুত্বপূৰ্ণ ঠিকাভিত্তিক টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণকে ধৰি বিভিন্ন সমস্যাৰ সমাধান দাবীত দীৰ্ঘদিনৰ পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। ইফালে ৯মাৰ্চৰ আলোচনাৰ পাছতেই পৰৱৰ্তী কাৰ্যসূচী কি হ’ব সেইয়া নিশ্চিত হ’ব বুলিও বিজ্ঞপ্তিত কয়।













