![]()
নিউজ ডেস্কঃ
দেশৰ জনতা তথা আন্তৰাষ্ট্ৰীয় মহলে অপেক্ষা কৰি আছিল ইউক্ৰেইন-ৰাছিয়া সংঘাতত ভাৰতে কি ভূমিকা গ্ৰহণ কৰিব৷ বৃহস্পতিবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে মোদীক অনুৰোধ জনাইছিল, পুটিনক যুদ্ধ বন্ধ কৰিবলৈ কোৱাৰ বাবে৷ আনহাতে পুটিনৰ সৈতে আছে ভাৰতৰ এক বিশেষ সম্পৰ্ক৷ তেনে ক্ষেত্ৰত ভাৰতে কি ভূমিকা গ্ৰহণ কৰিব তাকে লৈ মূৰ তুলি চাই আছিল বিস্ব সম্প্ৰদায়৷ অৱশেষত দুই কুল ৰক্ষা কৰিয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক ফোন কৰে প্রধানমন্ত্রী মোদীয়ে। লগতে আহ্বান জনায় যুদ্ধ বন্ধ কৰাৰ বাবে।
প্রধানমন্ত্রী কাৰ্যালয়ে এই ফোনৰ কথা জনাইছে। লগতে প্রধানমন্ত্রীয়ে ইউক্রেইনত আবদ্ধ ভাৰতীয় শিক্ষাৰ্থী আৰু নাগৰিকসকলক লৈ উদ্বেগ প্রকাশ কৰা বুলিও জনোৱা হৈছে।
এক বিবৃতিত জনোৱা হৈছে, ‘প্রধানমন্ত্রীয়ে তেওঁৰ দীর্ঘদিনীয়া অৱস্থানতেই অচল আছে৷ জনাইছে যে ৰাছিয়া আৰু নাটোৰ বিৰোধ একমাত্র সৎ আৰু আন্তৰিক আলোচনাৰ মাধ্যমেৰেই সমাধান কৰা সম্ভৱ। প্রধানমন্ত্রীয়ে এতিয়াই হিংসা ৰোধৰ আবেদন জনাইছে আৰু সকলো পক্ষকেই কূটনৈতিক আলোচনা আৰু বুজাপৰা পথ ল’বলৈ কৈছে।’











