![]()
নিউজ ডেস্কঃ
দেশ ভয়ানক বিপদৰ মুখত। তেনে পৰিস্থিতিত দেশক বচাবলৈ আগবাঢ়ি আহিল ৮০ বছৰীয়া এজন বৃদ্ধ। ইউক্রেইনৰ প্রাক্তন ‘ফাৰ্ষ্ট লেডি’ কেটাৰিনা ইউচেঙ্কোই এখন ফটো শ্বেয়াৰ কৰিছে। ছবিখনত দেখা গৈছে এজন বৃদ্ধক। তেওঁ ইউক্রেইনৰ সেনাবাহিনীত যোগ দিব বিচাৰে। কেটাৰিনাই লিখিছে, ‘বৃদ্ধজনৰ লগত আছে এটি সৰু বেগ। তাৰ ভিতৰত আছে দুটি টি ছার্ট, এযোৰ পেন্ট, এডাল টুথব্রাছ আৰু সামান্য পৰিমাণে ছেন্ডউইচ। বৃদ্ধজনে কৈছে, তেওঁ এইবোৰ কৰিছে তেওঁৰ নাতি–নাতিনীসকলৰ বাবে।’ ইউক্রেইন সেনাবাহিনীক বৃদ্ধজনে কৈছে, ‘দেশক বচাব লাগিব, মোৰ নামটো লিখক।’ এটি ভিডিঅ’ও ভাইৰেল হৈছে।











