![]()
নিউজ ডেস্কঃ
খ্ৰীষ্টপূর্ব পঞ্চম শতিকাত চীনা সমৰ বিশাৰদ ছান জুৱে তেওঁৰ ‘আর্ট অব ৱাৰ’ত লিখি গৈছিল শক্তিধৰ প্রতিপক্ষৰ বিৰুদ্ধে যুদ্ধৰ কৌশলৰ কথা। ১৮৮২ চনত নোপোলিয়নৰ ৰাছিয়া আক্রমণৰ সময়ত জাৰ (ৰুছ সম্রাট) প্রথম আলেকজন্ডাৰৰ সেনাই প্রথম হাতে-কামে প্রয়োগ কৰিছিল সেই নীতি। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰ বাহিনীৰ আগ্রাসন প্রতিৰোধত একেই কৌশল লৈছিল ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰপতি যোচেফ ষ্টেলিনে। এইবাৰ ৰুছ বাহিনীৰ ত্রিমুখী আক্ৰমণ ৰুধিবলৈ সেই ‘পোৰামাটি’ (স্কর্চড আর্থ) যুদ্ধকৌশলেই লৈছে ইউক্রেইন সেনাই।
‘শক্তিশালী শত্রুসেনাৰ অগ্রগতি লেহেমীয়া কৰাই ‘পোডৰামাটি নীতি’ৰ মূল কথা। পিছুৱাই যোৱাৰ সময়ত ৰাস্তা, সেতু, সম্ভাব্য বাসস্থান আৰু ৰছদৰ উৎস নষ্ট কৰাই তাৰ অন্যতম অঙ্গ। উদ্দেশ্য এটাই, বাৰে বাৰে বাধা পাই শত্রুৰ আগ্রাসনৰ গতি কমিলে পৰবর্তী পর্যায়ৰ প্রতিৰোধ গঢ়ি তোলাৰ বাবে সময় পোৱা যায়। আক্ৰমণকাৰী বাহিনীৰ মনোবলো ভাঙি যোৱাৰ সম্ভাবনা থাকে। যুদ্ধৰ দ্বিতীয় আৰু তৃতীয় দিনত সেই কৌশলেই লৈছে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভোলোদিমিৰ জেলেনস্কিৰ সেনাই।











