![]()
নিউজ ডেস্কঃ
ইউক্রেইনত ৰুছ আক্ৰমণত নিহত ভাৰতীয় ছাত্ৰ। মঙ্গলবাৰে খাৰকিভেত বোমা বিস্ফোৰণৰ ফলত ভাৰতীয় ছাত্ৰজনৰ মৃত্যু হয়। বিদেশ মন্ত্ৰালয়ৰ মুখপাত্রই ইতিমধ্যে এই কথা স্পষ্ট কৰিছে। ছাত্ৰজন উত্তৰ কর্ণাটকৰ বাসিন্দা। নাম নবীন শেখাৰাপ্পা জ্ঞানগৌধৰ। নবীন আছিল মেডিকেল কলেজৰ চতুর্থ বর্ষৰ ছাত্র।
বিদেশ মন্ত্ৰালয়ৰ মুখপাত্র অৰিন্দম বাগচিয়ে এক টুইট বার্তাত জনাইছে, ‘গভীৰ দুখেৰে সৈতে জনাইছোঁ যে, খাৰকিভত বিস্ফোৰণৰ ফলত এজন ভাৰতীয় ছাত্ৰই প্রাণ হেৰুৱাইছে। মন্ত্রণালয়ে তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছে। আমি পৰিয়ালৰ প্ৰতি আমাৰ গভীৰ সমবেদনা জনাইছোঁ।’
মঙলবাৰে দুপৰীয়া ৰুছ ক্ষেপণাস্ত্র আক্ৰমণত কঁপি উঠিল ইউক্রেইনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভ। প্রশাসনিক ভৱনৰ সন্মুখত হোৱা এই বিস্ফোৰণত নিহত হৈছে একাধিক লোক। সূত্রৰ খবৰ মতে, তাতেই আছিল উত্তৰ কর্ণাটকৰ ছাত্ৰজন৷

ইতিমধ্যে প্ৰকাশিত ভিডিঅ’ত দেখা গৈছে, বিস্ফোৰণৰ প্রাবল্যত ধোঁৱাৰে আৱৰি ধৰিছে চৌদিশ। তাৰ কিছু সময় পিছতেই একাধিক মৃত্যুৰ খবৰ দিয়ে ইউক্রেইন প্রশাসনে। তেওঁলোকৰ দাবী, চাৰিওদিশৰ পৰা ইউক্রেইনক আক্রমণ কৰা ৰুছ সেনাৰ লক্ষ্য এতিয়া দেশৰ প্রশাসনিক ভৱনবোৰ। এটা এটাকৈ চৰকাৰী ভৱনত আক্ৰমণ কৰি কৰি আগুৱাই গৈছে ৰুছ সেনা।
নিহত ভাৰতীয় ছাত্ৰজনৰ এজন বন্ধুই জনোৱা মতে, খাদ্য আনিবলৈ ওলাই গৈছিল তেওঁৰ বন্ধুজন। বাকীবোৰ হোষ্টেলত থাকিলেও নবীন শেখাৰাপ্পা জ্ঞানগৌধৰ নামৰ নিহত ছাত্ৰজনে ফ্লেট ভাৰা কৰি আছিল। উক্ত ফ্লেটটি গৱর্নৰ ভৱনৰ ঠিক পিছফালেই। তাতেই আক্ৰমণ কৰে ৰুছ সেনাই











