![]()
নিউজ ডেস্কঃ
ইউক্রেইনৰ যুদ্ধ পৰিস্থিতিত আবদ্ধ হৈ পৰা ভাৰতীয়সকলক উদ্ধাৰ কৰিবলৈ আৰু বিমান পঠোৱাৰ পৰিকল্পনা কৰিছে নৰেন্দ্র মোদী চৰকাৰে। উদ্ধাৰ প্রক্রিয়াত গতি আনিবলৈ তালৈ পঠোৱা হৈছে ভাৰতীয় বায়ুসেনাৰ বৃহত্তম সামৰিক পৰিবহণ বিমান চি-১৭ গ্লোবমাষ্টাৰ। প্রধানমন্ত্রী মোদীয়ে বায়ুসেনাক মঙ্গলবাৰৰ পৰাই ‘অপাৰেচন গঙ্গা’ত অংশ ল’বলৈ কৈছে। যোৱা বছৰ আফগানিস্তানত আবদ্ধ ভাৰতীয়সকলক উদ্ধাৰ কৰিবলৈ চি-১৭ গ্লোবমাষ্টাৰ বিমান পঠোৱা হৈছিল।

বিদেশ মন্ত্ৰালয়ৰ এটি সূত্রই জনাইছে, ৰুছ বোমা আৰু ক্ষেপণাস্ত্র আক্ৰমণ এৰাবলৈ খাৰকিভত আবদ্ধ ভাৰতীয়সকলক ৰে’লেৰে ইউক্রেইনৰ চুবুৰীয়া দেশবোৰলৈ যোৱাৰ পৰামর্শ দিয়া হৈছে। কাৰণ, গাড়ীৰে গ’লে ৰুছ বাহিনীৰ লক্ষ্য হোৱাৰ সম্ভাৱনা বেছ। কিন্তু খাৰকিভ ষ্টেচনত আবদ্ধ বহু ভাৰতীয় এতিয়াও ৰে’লত উঠিব পৰা নাই বুলি আবদ্ধ হৈ থকা শিক্ষাৰ্থীসকলৰ দাবী।











