![]()
নিউজ ডেস্কঃ
বেলাৰুছৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া ফুটবল মেচত নেখেলে ভাৰতীয় ফুটবল দলে। মার্চ মাহৰ শেষৰ ফালে বেলাৰুছৰ বিৰুদ্ধে বন্ধুত্বপূর্ণ মেচ খেলাৰ কথা আছিল সুনীল ছেত্ৰী বাহিনীৰ। ৰাছিয়াৰ ইউক্রেইন আক্রমণত ভ্লাডিমিৰ পুটিনৰ পক্ষত আছে বেলাৰুছ। আন্তর্জাতিক অলিম্পিক সংস্থাই ৰাছিয়া আৰু বেলাৰুছক ক্রীড়া জগতৰ পৰা এঘৰীয়া কৰাৰ পিছতেই এই সিদ্ধান্ত ভাৰতৰ।
উল্লেখ্য, ২৩ মার্চত বাহৰেইন আৰু ২৬ মার্চত বেলাৰুছৰ বিৰুদ্ধে খেলত অনুশীলন কৰিবলৈ বিচাৰিছিল সুনীল ছেত্ৰী বাহিনীয়ে। কিন্তু ৰাছিয়া-ইউক্রেইন যুদ্ধৰ পিছতেই বেলাৰুছৰ বিৰুদ্ধে নেখেলাৰ সিদ্ধান্ত লয় তেওঁলোকে। এছিয়ান কাপৰ প্রস্তুতি হিচাবে এই দুখন মেচ খেলাৰ সিদ্ধান্ত লৈছিল ভাৰতে। মানামাত এই দুখন মেচ খেলাৰ কথা আছিল।
এআইএফএফ সচিব কুশল দাসে জনোৱা মতে, তেওঁলোকে চেষ্টা কৰিব বাহৰেইনৰ বিৰুদ্ধেই দুখন মেচ খেলাৰ। তেওঁ কয়, “বেলাৰুছক নিষিদ্ধ কৰাত তেওঁলোকৰ বিৰুদ্ধে আমি খেলিব নোৱাৰিম। বাহৰেইন ক্রমতালিকাত ৯১ নম্বৰত। তেওঁলোকৰ বিৰুদ্ধেই দুখন মেচ খেলিব পৰা যায় নেকি সেয়া চাইছোঁ।”











