![]()
ষ্টাফ ৰিপ’ৰ্টাৰঃ
জাগীৰোড আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ মণিপুৰৰ দুধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী আব্দুল চামাদ। কালি নিশা ১০.৩০ বজাত মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভ লাল বৰুৱাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে জাগীৰোডৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই ৰাম মন্দিৰৰ সমীপত মণিপুৰৰ পৰা অহা আব্দুল চামাদৰ লগতে ৪ কোটি টকাৰ ৫৭৩ গ্ৰাম ড্ৰাগছ জব্দ কৰে।
আব্দুলে উক্ত ড্ৰাগছখিনি মণিপুৰৰ পৰা ডিমাপুৰ হৈ জাগীৰোডৰ নোখোলা গ্ৰাণ্ট নামৰ ঠাইত ডেলিভাৰী দিয়া কথা আছিল বাবে আৰক্ষীয়ে আৰু অধিক ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ মানসেৰে নাখোলা গ্ৰাণ্টলৈ অভিযুক্তক লৈ গৈছিল। কিন্তু, বৰষুণ আৰু আন্ধাৰৰ সুযোগ লৈ আব্দুলে পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে ৰখিবলৈ সংকেট দি শূন্যলৈ গুলি চালনা কৰাত আব্দুলৰ ভৰিত গুলীত লাগে।
নিশাই গুলিবিদ্ধ আব্দুলক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ এনে আৰু পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ। এই ঘটনা সন্দৰ্ভত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নতৰাজনে আজি নিজ কাৰ্যালয়তে পুৱা ১০ বজাত এক সংবাদমেল অনুষ্ঠিত কৰি ঘটনাৰ বিৱৰণ দিয়ে।













