![]()
নিউজ ডেস্কঃ
ইউক্রেইনৰ খাৰকিভ চহৰত ৰুছ বাহিনীৰ বোমাবর্ষণত নিহত হৈছে ভাৰতীয় শিক্ষাৰ্থী নবীন শেখাৰাপ্পা জ্ঞানগৌধৰ৷ ছাত্ৰজনৰ মৃত্যুৰ পিছতেই কূটনৈতিক সক্রিয়তা আৰম্ভ কৰিলে নৰেন্দ্র মোদী চৰকাৰে। মঙলবাৰে বিয়লি নতুন দিল্লীৰ ৰাছিয়া আৰু ইউক্রেনীয় ৰাষ্ট্রদূতক তলৱ কৰি এই বিষয়ত তীব্ৰ প্রতিক্রিয়া জনোৱা বুলি বিদেশ মন্ত্ৰালয়ৰ সূত্রত প্ৰকাশ।
বিদেশ মন্ত্ৰালয়ে জনোৱা মতে, অবিলম্বে খাৰকিভসহ বিভিন্ন চহৰত আবদ্ধ হৈ থকা ভাৰতীয়সকলক ইউক্রেইনৰ বাহিৰলৈ যোৱাৰ বাবে ‘নিৰাপদ পথ’ দিয়াৰ বাবে কোৱা হৈছে দুয়াখন দেশকে। বিদেশ সচিব হর্ষবর্ধন শ্ৰিংলাই পৃথকভাৱে ৰুছ আৰু ইউক্রেইনৰ ৰাষ্ট্রদূতৰ সৈতে আলোচনা কৰি এই বার্তা দিছে।
এই সন্দৰ্ভত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্র অৰিন্দম বাগচিয়ে টুইটাৰত লিখিছে, ‘খাৰকিভসহ যুদ্ধবিধ্বস্ত চহৰবোৰত যিসকল ভাৰতীয় নাগৰিক আবদ্ধ হৈ পৰিছে, তেওঁলোকক অবিলম্বে নিৰাপদে ওলাই অহাৰ পথ দিবলৈ বিদেশ সচিবে পুনৰ ৰাছিয়া আৰু ইউক্রইনৰ ৰাষ্ট্রদূতৰ ওচৰত দাবী জনাইছে।’











