![]()
নিউজ ডেস্কঃ
খাৰকিভত ভয়ঙ্কৰ গুলীয়াগুলীৰ মাজতে চলি আছে ৰাছিয়া-ইউক্ৰেইন শান্তি বৈঠক৷
সোমবাৰে বেলাৰুছ সীমান্তত আলোচনাত বহিছিল দুই দেশ। মঙলবাৰেও অনুষ্ঠিত হয় দুয়ো দেশৰ বৈঠক৷ কিন্তু কোনো সমাধান সূত্র ওলোৱা নাই। তাৰ মাজতে বুধবাৰে পুনৰ আলোচনাত মিলিত হ’ব দুয়ো দেশ৷ অৱশ্যে উক্ত বৈঠক ক’ত অনুষ্ঠিত হ’ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। হয়তো পোলেণ্ড সীমান্ততেই আলোচনাত বহিব পাৰে দুয়ো দেশে।
আনহাতে, ইউৰোপীয় ইউনিয়নক সদস্যপদ দিয়াৰ আবেদন জনাইছে ইউক্রেইনৰ ৰাষ্ট্ৰপতিয়ে। উক্ত আবেদনত সন্মতি দিছে ইউৰোপীয় ইউনিয়নে। ইউক্রেইনক সদস্যপদ দিবলৈ আগবাঢ়িছে বিশেষ প্রক্রিয়াৰে।











