![]()
নিউজ ডেস্কঃ
ইউক্ৰেইনত নিৰন্তৰ বোমা বিস্ফোৰণ, ক্ষেপণাস্ত্রৰ আক্ৰমণ চলাই গৈছে ৰুছ বাহিনীয়ে। মৃত্যু হৈছে এজন ভাৰতীয় ছাত্ৰ। তাৰ মাজতেই চলি আছে ইউক্ৰেইনত আবদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ কাম৷ এই ‘অপাৰেচন গঙ্গা’ৰ অধীনত বুধবাৰে আৰু ৭খন বিমানেৰে ভাৰতীয় শিক্ষাৰ্থীসকলক দেশলৈ উভতাই আনিব৷
আনহাতে, ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধত ভেকুৱাম বোমা ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে৷ ভ্লাডিমিৰ পুটিন চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ কৰিছে ইউক্রেইনসহ বিশ্বৰ একাধিক মানৱ অধিকাৰ সংগঠনে। অৱশ্যে এই বিষয়ত চৰকাৰীভাবে মুখ খোলা নাই মস্কোই। ইউক্রেইনৰ সৈতে যুদ্ধত ৰাছিয়াৰ বিৰুদ্ধে ভেকুৱাম বোমা প্রয়োগৰ অভিযোগ প্রমাণিত হ’লে সেয়া যুদ্ধ অপৰাধৰ সমতুল্য বুলি মত প্ৰকাশ মানৱ অধিকাৰ সংগঠনবোৰৰ। কাৰণ ১৯৪৯ চনৰ জেনেভা চুক্তি অনুযায়ী, যুদ্ধক্ষেত্রত এই বোমাৰ ব্যৱহাৰ নিষিদ্ধ। ইউক্রেইনৰ দাবী, সোমবাৰে তেওঁলোকৰ দেশৰ মাটিত ক্লাষ্টাৰ বোমাৰ লগতে এই নিষিদ্ধ অস্ত্র প্রয়োগ কৰিছে পুটিন বাহিনীয়ে।











