![]()
নিউজ ডেস্কঃ
খাৰকিভৰ পৰা কর্নাটকৰ চালাগিৰি গাঁৱলৈ দৈনিক ফোন কৰিছিল। মঙ্গলবাৰে পুৱাও কৰিছিল। কৈছিল, বাঙ্কাৰত খাদ্য নাই। কিনিবলৈ গৈছে। অলপ কথা পাতিয়েই ৰাখি দিছিল ফোন। ঘূৰি আহি বেছি সময় কথা পতাৰ কথা কৈছিল। কিন্তু সেই সময় আৰু ঘূৰি নাহিল। তাৰ সলনি পিতৃ শেখৰ গৌড়ালৈ আহিল বিদেশ মন্ত্ৰালয়ৰ ফোন। জনালে, পুত্ৰ নবীন শেখৰাপ্পা জ্ঞানগৌদাৰ আৰু বাচি থকা নাই। ৰুছ আক্ৰমণত তেওঁ প্রাণ হেৰুৱাইছে।
শেখৰাপ্পাৰ পিতৃয়ে জনালে, পুত্ৰৰ ফোন নাপাই ক্রমাগত ফোন কৰি গৈছিল। অৱশেষত দুপৰীয়া ২ বজাত ফোন পায় শেখৰ গৌড়াই। ইয়াৰ পিছত চাৰিটা বজাত ফোন কৰে প্রধানমন্ত্রী মোদীয়েও। সমবেদনা জনায়। নিহত শেখৰাপ্পাৰ পিতৃৰ সকলোৰে ওচৰত কাছে এটাই অনুৰোধ জনায়, ‘পুত্ৰৰ মৃতদেহ উভতাই আনক’।











