![]()
ষ্টাফ ৰিপ’ৰ্টাৰঃ
কামৰূপ মহানগৰ জিলাৰ স্থায়ী বাছ আস্থান নিৰ্ণয় তথা চিটিবাছৰ দৌৰাত্ম নিয়ন্ত্ৰণৰ বাবে পল্লৱ গোপাল ঝাই ডিলাক্স এছ’চিয়েশ্বন, মিনি বাছ এছ’চিয়েশ্বন, গুৱাহাটী মেট্ৰ এছ’চিয়েশ্বন আদি বাছসন্থাৰ সভাপতি-সম্পাদক আৰু গুৱাহাটী পৌৰ নিগম, জিলা পৰিবহণ, ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ বিষয়াৰে বুধবাৰে মিলিত হয় এক গুৰুত্বপূৰ্ণ সভাত। উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত উপায়ুক্ত গৰাকীয়ে মহানগৰী উৰণীয়া সেঁতুসমূহত বাছ ৰখোৱাটো কঠোৰভাৱে বন্ধ কৰিবলৈ গুৱাহাটীৰ যান-বাহন আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। লগতে মহানগৰীৰ নিৰ্ধাৰিত ৬০টা বাছ আস্থানত শীঘ্ৰে স্থায়ী ফলক লগোৱা ব্যৱস্থা কৰিবলৈ গুৱাহাটী পৌৰ নিগম, পৰিবহণ বিভাগ আৰু লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে।
আনহাতে এতিয়াৰে পৰা যদি কোনো চালকৰ বে-আইনী কাৰ্যকলাপ আৰু চিহ্নিত কৰা বাছ আস্থানৰ বিপৰীতে অন্য স্থানত বাছ ৰখালে বাছৰ মালিকৰ পৰিৱৰ্তে বাছচালকগৰাকীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব বুলি উপাযুক্তগৰাকীয়ে জানিব দিয়ে। বৈঠকত অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস, গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত এছ বৰুৱা, যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত দেৱাশীষ বৰা বৈঠকত উপস্থিত থাকে।
উল্লেখ্য যে মহানগৰত একাংশ চিটিবাছে নিৰ্ধাৰণ কৰি দিয়া বাছ আস্থানৰ বিপৰীতে নিজৰ খেয়াল খুচিৰে যতে মন যায় তাতে ৰখাই, ফলত গুৱাহাটী ৰাজপথত সৃষ্টি হয় তীব্ৰ যান-জঁট।











