![]()
নিউজ ডেস্কঃ
যুদ্ধৰ মাজতো ইউক্রেইনবাসীৰ আতিথেয়তা। ধৰা পৰাৰ পিছত খাবলৈ দিছে বার্গাৰ জাতীয় খাদ্যৰ লগতে চাহ। এই আতিথ্যত আৱেগ বিহ্বল হৈ উঠিল আক্রমণকাৰী ৰুছ বাহিনীৰ এজন সদস্য। ইয়াৰে এটা ভিডিঅ’ বৰ্তমান ভাইৰেল। ভিডিঅ’টোত দেখা গৈছে ধৃত এজন ৰুছ সেনাক আগুৰি ধৰি আছে এদল ইউক্রেইনবাসীয়ে। ইউক্রেইনীয় ভাষাত চেপা কন্ঠৰে কৈছে, ‘‘নাজানো ৰাছিয়াৰ সেনাসকলে এই দেশত কিয় আক্রমণ কৰিলে।’’ কোনোৱে আকৌ কৈছে, ‘‘সৈন্যজন একেবাৰে কম বয়সীয়া। তাত তেওঁৰ কোনো দোষ নাই। নিজেও নাজানে তেওঁলোক কিয় দেশখনলৈ আহিছে।’’
ইয়াৰ পিছত ধৃত সেনাজনক তেওঁৰ মাতৃৰ সৈতে ভিডিঅ’ কল কৰাৰো সুযোগ দিয়ে। ইয়াৰ পিছতেই মাতৃৰ সৈতে কথা পতাৰ সময়ত কান্দোনত ভাগি পৰে ৰুছ সৈন্যজন।
ভিডিঅ’টি ভাইৰেল হোৱাৰ পিছত ইউক্রেইনবাসীৰ প্রশংসাত পঞ্চমুখ হৈছে সকলোৱে।











