![]()
নিউজ ডেস্কঃ
ৰকেটৰ গাত অংকন কৰা ব্রিটেইন, আমেৰিকা আৰু জাপানৰ পতাকা মচি পেলালে ৰাছিয়াই। কেৱল থাকিল ভাৰতৰ পতাকা। এই ঘটনাৰ এটি ভিডিও ভাইৰেল হৈছে। তাত দেখা গৈছে মহাকাশলৈ পঠাবৰ বাবে সাজু ৰকেটৰ গাত অংকিত আছে আমেৰিকা, ব্রিটেইন, ভাৰত, জাপান আৰু ৰাছিয়াৰ পতাকা। কিন্তু সেই পতাকা এখন এখনকৈ মচি দিয়া হৈছে।
ৰাছিয়াৰ মহাকাশ সংস্থা ৰছকছমছৰ প্রধান দিমিত্রি ৰেগোজিনে এই প্রসঙ্গত টুইট কৰি জনায়, ‘বৈকানুৰত মহাকাশযান উৎক্ষেপণকাৰী ৰকেটৰ পৰা বহুকেইখন দেশৰ পতাকা আঁতৰাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। উক্ত পতাকা অবিহনেই সুন্দৰ দেখাইছে আমাৰ ৰকেট।’
https://twitter.com/i/status/1499043075586469900
বাছি বাছি তিনিখন দেশৰ পতাকাই কিয় ৰকেটৰ পৰা ৰাছিয়াই মচি দিলে সেয়া কিন্তু দিনৰ পোহৰৰ দৰেই স্পষ্ট বুলি ভাবে কূটনৈতিক বিশেষজ্ঞসকলে। তাৰ অন্যতম প্রধান কাৰণ হ’ল ইউক্রেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ বিৰোধিতা আৰু এই ঘটনাৰ ফলত ৰাছিয়াৰ ওপৰত আৰোপ কৰা বিভিন্ন নিষেধাজ্ঞা।
তিনিওখন দেশৰ শেহতীয়া স্থিতিত ক্ষুব্ধ হৈয়ে ৰকেটৰ পৰা দেশকেইখনৰ পতাকা মচি পেলোৱা বুলি বার্তা দিলে ৰাছিয়াই।











