![]()
নিউজ ডেস্কঃ
ইউক্রেইনৰ ৰাজধানী কিভৰ ওপৰত নিৰন্তৰ আক্ৰমণ চলাই গৈছে ৰাছিয়াই। ইউক্রেইনৰ দাবী, তাৰ প্ৰত্যুত্তৰ দিয়া হৈছে ৰুছ বাহিনীক। এই পৰিস্থিতিত ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভোলোদিমিৰ জেলেনস্কিয়ে এক ভিডিও বার্তাত কয়, ‘‘আমি প্রতিটো ঘৰ, ৰাস্তা আৰু প্ৰতিখন চহৰক পুনৰ সজাই তুলিম। কিন্তু ৰাছিয়াক কৈছোঁ, আপোনালোকে মনত ৰাখক, ইউক্রইনীয়সকলৰ বিৰুদ্ধে আপোনালোকে যি কৰিছে তাৰ মূল্য গণি গণি ঘূৰাই দিব লাগিব।’’
তেওঁ কয়, ‘‘ৰুছ বাহিনীয়ে ব্যাপক ক্ষেপণাস্ত্র আৰু ৰকেট আক্ৰমণ চলাইছে। তেওঁলোকে দেশৰ গুৰুত্বপূর্ণ চহৰবোৰ ঘেৰি ৰাখিছে। সেয়ে স্বাধীনতাৰ বাহিৰে আমাৰ হেৰুৱাব লগা আৰু একো নাই। ইউক্রেইনক আমাৰ বন্ধুসকলে প্রতিদিনে অস্ত্র সাহায্য দিছে।’’











