![]()
নিউজ ডেস্কঃ
শীতকালীন পেৰা অলিম্পিকত অংশগ্ৰহণ কৰিব নোৱাৰিব ৰাছিয়া আৰু বেলাৰুছে। ৰাছিয়া-ইউক্রেইন সংঘাতৰ ফলত দুই দেশৰ এথলিটসকলক নির্বাসিত কৰা হয়। বৃহস্পতিবাৰে এই সিদ্ধান্ত লয় আন্তর্জাতিক পেৰা অলিম্পিক কমিটিয়ে। সংবাদ মেলত এই কথা জনাইছে সংস্থাৰ সভাপতি অন্দ্ৰিউ পার্সনছে।
অৱশ্যে শুক্রবাৰৰ পৰা আৰম্ভ হ’বলগীয়া এই পেৰা অলিম্পিকত অংশগ্ৰহণৰ এটি পথ খুলি ৰখা হৈছে ৰাছিয়া আৰু বেলাৰুছৰ এথলিটসকলৰ সন্মুখত। ৰাষ্ট্ৰীয় পতাকা, লগো আঁতৰাই যদি নিৰপেক্ষ এথলিট হিচাবে কোনোৱে অংশগ্রণ কৰিব বিচাৰে, তাত কোনো সমস্যা নাই। কিন্তু আন্তর্জাতিক পেৰা অলিম্পিক কমিটিৰ এই সিদ্ধান্তক লৈ বিতর্কৰ সৃষ্টি হৈছে। বহুতৰে দাবী, ইয়াৰ দ্বাৰা বিশ্বত ভুল বার্তা গৈছে। সংস্থাৰ পক্ষৰ পৰা জনোৱা হৈছে, ৰুছ আৰু বেলাৰুছৰ এথলিটসকলৰ বিৰুদ্ধে বহুতেই খেলিব নিবিচাৰিব। যিয়ে প্রতিযোগিতাৰ ভাবমূর্তি নষ্ট কৰিব। সেই কথা মনত ৰাখিয়েই এই পদক্ষেপ লোৱা হৈছে।
উল্লেখযোগ্য যে ৰাছিয়া আৰু বেলাৰুছক ইতিমধ্যেই নির্বাসন দিছে বহুকেইটা আন্তর্জাতিক ক্রীড়া সংস্থাই। সেই তালিকাত যুক্ত হ’ল আন্তর্জাতিক পেৰা অলিম্পিক কমিটি। আন্তর্জাতিক প্রতিযোগিতাৰ পৰা ৰাছিয়া আৰু বেলাৰুছক নির্বাসিত কৰাৰ চাপ দিবলৈ আৰম্ভ কৰে আন্তর্জাতিক অলিম্পিক কমিটিয়ে।











