![]()
ষ্টাফ ৰিপ’ৰ্টাৰঃ
শেহতীয়াকৈ আলফা স্বাধীনৰ দুজন দুধৰ্ষ সদস্যই সেনা আৰু আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপঙৰ গভীৰ অৰণ্যত ডি আই জি জিৎমল দলেৰ নেতৃত্বত যোৱা সেনা-আৰক্ষীৰ এটা দলে উগ্ৰপন্থী বিৰোধী অভিযান চলায়। এই অভিযানত ম্যানমাৰৰ আলফা শিবিৰৰ পৰা নামি অহা সাতজনীয়া দলৰ দুই সদস্যই আত্মসমৰ্পণ কৰে।
এগৰাকী সদস্য ধনী অসমৰ পৰা সেনা-আৰক্ষীৰ দলটোৱে এটা HK 33 ৰাইফল, তিনিটা মেগজিন, এটা চাইনিছ গ্ৰেনেট আৰু ৯০ জাই সজীৱ গুলী উদ্ধাৰ কৰে। ধনী অসম আত্মসমৰ্পণ কৰাৰ পিছতেই সাতজনীয়া দল ক্ৰমে কেপ্তেইন মিগাংক অসম, কেপ্তেইন ধনী অসম, জ্ঞান অসম, ইয়াংকু অসম, জাগৰণ অসম আৰু দুগৰাকী এনএছচিএন (কে ৱাই কে)ৰ সদস্য ঘন জংঘলত সোমাই পৰে।

আনহাতে, এই দলটোৰে আন এগৰাকী সদস্য জাগৰণ অসমে আজি আত্মসমৰ্পণ কৰিছে অসম আৰক্ষীৰ ডি আই জি জিৎমল দলেৰ ওচৰত। আত্মসমৰ্পণ কৰা জাগৰণ অসমৰ পৰা আৰক্ষীয়ে এটা MQ 81 ৰাইফলসহ তিনিটা মেগজিন আৰু ১৪৮ জাই সজীৱ গুলী উদ্ধাৰ কৰা হয়।

এনে পৰিপ্ৰেক্ষিততে, আজি সন্ধিয়া তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে এখন সাংবাদমেল সম্বোধন কৰি কয় যে, “আলফা স্বাধীনৰ ৭জনীয়া গোটটোৱে নতুন যুৱক-যুৱতীক যোগদান কৰাৰ লগতে ধন দাবী আদি কাৰ্যকলাপৰ বাবে ম্যানমাৰৰ শিবিৰৰ পৰা নামি আহিছিল। ইয়াৰ দুজন সদস্যৰ ঘৰ বৰহাট চৰাইদেউ জিলাত।” ম্যানমাৰৰ আলফা স্বাধীনৰ ৭৭৭ কেম্পৰ পৰা আলফা স্বাধীনৰ এই দলটো আহিছিল বুলি আৰক্ষী অধীক্ষক দেউৰীয়ে জানিবলৈ দিয়াৰ লগতে কয় যে প্ৰায় ৩০ কেজি বিস্ফোৰক সামগ্ৰী চাংলাং জিলাৰ অৰণ্যৰ বিভিন্ন স্থানত লুকুৱাই ৰখা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয়। তেখেতে কয় যে, বাকী কেইজনৰ যদি আত্মসমৰ্পণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে তেনেহ’লে চৰকাৰ প্ৰশাসন দুৱাৰ সদায় মুকলি হৈ আছে। ইয়াৰ বাবে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থাও গ্ৰহণ কৰিবলৈ প্ৰস্তুত আছে অসম আৰক্ষী।
অন্যহাতে উগ্ৰপন্থী বিৰোধী অভিযান বৰ্তমানেও চলি থাকিব বুলি আৰাক্ষী অধীক্ষক দেউৰীয়ে সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে। ইফালে দলটোৰ আন ৫জন সদস্যক বিচাৰি তিনিচুকীয়া আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ কথা সাংবাদিকক জনায়।













