![]()
নিউজ ডেস্কঃ
মছজিদত শতাধিক লোকে নামাজ পঢ়ি থাকোতেই হোৱা আত্মঘাতী বোমা বিস্ফোৰণত পাকিস্তানত নিহত হয় প্ৰায় ৩০ জন। আহতৰ সংখ্যা ৫০ৰো অধিক। শুক্রবাৰে দুপৰীয়া এই ঘটনাটি ঘটে পেছোৱাৰৰ কিচ্চা খাৱানি বজাৰৰ এটি মছজিদত।
পাক সংবাদ মাধ্যমৰ সূত্র মতে, আহতসকলক উদ্ধাৰ কৰি স্থানীয় লেডি ৰিডিং হস্পিটেলত ভর্তি কৰোৱা হৈছে। উদ্ধাৰ কাৰ্যত সহায় কৰে স্থানীয় লোকসকলেও। বিস্ফোৰণৰ কাৰণ আৰু ইয়াৰ আঁৰত কোন আছে তাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। আনহাতে, লেডি ৰিডিং হস্পিটেল কর্তৃপক্ষৰ সূত্র উদ্ধৃত কৰি পাক সংবাদ মাধ্যমবোৰে জনাইছে, আহতসকলৰ ভিতৰত ১০ জনৰ অৱস্থা অতি সঙ্কটজনক।
বিস্ফোৰণত নিহতসকলৰ পৰিয়ালৰ প্রতি সমবেদনা জনাইছে পাক প্রধানমন্ত্রী ইমৰান খানে। ঘটনাৰ তীব্ৰ গৰিহণা দিছে তেওঁ। আহতসকলৰ হস্পিটেলত যাতে কোনো অসুবিধা নহয় তাৰ তদাৰক কৰিবলৈও সংশ্লিষ্ট বিভাগবোৰক নির্দেশ দিছে।
পেছোৱাৰৰ মুখ্যমন্ত্রী মাহমুদ খানে এই ঘটনাৰ নিন্দা কৰিছে। তেওঁ পেছোৱাৰ আৰক্ষীৰ পৰা সোনকালে ইয়াৰ ৰিপোর্ট বিচাৰিছে। তাৰ মাজতে মুখ্যমন্ত্রী কাৰ্যালয়ে এইটো এটা আত্মঘাতী আক্ৰমণ বুলি নিশ্চিত কৰিছে। জানিব পৰা মতে, আক্ৰমণকাৰীসকল মছজিদত প্ৰৱেশৰ চেষ্টা কৰাত আৰক্ষীয়ে পিছা কৰে। দুই পক্ষৰ মাজত গুলীয়াগুলীও হয়। তাৰ মাজতেই এজন আততায়ী মছজিদত সোমাই আত্মঘাতী বিস্ফোৰণ ঘটায়। প্রবল বিস্ফোৰণত কঁপি উঠে সমগ্ৰ এলেকাটো। ঘটনাস্থীলতে নিহত হয় ৩০ জন ৷











