![]()
ষ্টাফ ৰিপ’ৰ্টাৰঃ
গুৱাহাটী খানাপাৰাস্থ হেলথ চিটি হাস্পতালৰ সাফল্য। এটি এমহীয়া কন্যা শিশুৰ ৫০০ গ্রাম ওজনৰ টিউমাৰ সফল অস্ত্ৰোপচাৰ। এমহীয়া কন্যা শিশুটি শৰীৰৰ নিম্ন অংশত জন্মগতভাৱে আছিল টিউমাৰতো। বিশিষ্ট স্নায়ু শৈল্য ৰোগ বিশেষজ্ঞ ডাঃ এন কে দাসৰ নেতৃত্বত নিউৰ-অংকুলজি শৈল্য চিকিৎসকৰ দলে ৩ ঘণ্টা ধৰি চলোৱা অস্ত্ৰোপ্ৰচাৰৰ অন্তত বিশাল আকাৰ টিউমাৰটো দেৱকন্যা শিশুটিৰ কোনো ক্ষতি নোহোৱাকৈ আঁতৰাবলৈ সক্ষম হয়। উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলত কোনো শিশুৰ দেহৰ ৩০ শতাংশ ওজনৰ টিউমাৰৰ এইয়াই প্ৰথম সফল অস্ত্ৰোপচাৰ। এক প্ৰেছ বিজ্ঞপ্তি জৰিয়তে এই তথ্য সদৰী কৰিছে হেলথ চিটি হাস্পতালৰ ফেচেলিটি ডাইৰেক্টৰ পৰাগজ্যোতি দত্তই।
ইফালে সফল অস্ত্ৰোপচাৰ অন্তত বিশেষজ্ঞ চিকিৎসক এন কে দাসে কয়- দেখাত দ্বিতীয় মূৰৰ দৰে টিউমাৰটো হৈছিল শিশুটি যৌনাংগ আৰু মল-মূত্ৰ ত্যাগ কৰা অংগ সমীপত। গতিকে টিউমাৰতো গুচাই দিয়া ফলত তেওঁ যৌনাংগ, মলদ্বাৰা আৰু পায়ু আদিৰ স্থায়ীভাৱে ক্ষতি হোৱা সম্ভাৱনা আছিল। সেয়েহে অস্ত্ৰোপচাৰৰ পূৰ্বে শিশুটিক মাতৃ দুগ্ধপান কৰাই শিশুটিক স্বাস্থ্যৱান কৰি তুলিবলৈ অভিভাৱকক পৰামৰ্শ দিয়া হৈছিল।











