![]()
নিউজ ডেস্কঃ
কেৱল আমেৰিকাৰ ঘনিষ্ঠ প্রতিবেশী পোলেণ্ড, হাঙ্গেৰী, ৰোমানিয়া, শ্লোভাকিয়া বা মলডোভা নহয়, যুদ্ধ আৰম্ভৰ পিছত ইউক্রেইনৰ বহু নাগৰিক পলাই গৈছে আক্রমণকাৰী ৰাছিয়া আৰু বেলাৰুছলৈও! ইউক্রেইনীয় শৰণার্থীসকলৰ সম্পর্কে এই তথ্য দিছে ৰাষ্ট্রসংঘই।
ৰুছ আগ্রাসন আৰম্ভ হোৱাৰ পিছৰ পৰা ১০ লাখৰো অধিক লোকে ইউক্রেইন এৰি পলাইছে। বৃহস্পতিবাৰে ৰাষ্ট্রসংঘই জনাইছে, শরণার্থীর সংখ্যা ক্রমশ বাড়ছে। মূলত ইউক্রেনৰ ছয়খন চহৰৰ পৰাই প্রতিবেশী দেশবোৰলৈ নিৰাপদ আশ্রয়ৰ সন্ধানত গৈছে শৰণার্থীসকল। ৰাজধানী কিভৰ লগতে খাৰকিভ, ওডেছা, খেৰছন, মাৰিউপোল আৰু চেৰনিহিভৰ দৰে বৃহৎ চহৰ ৰুছ আক্রমণৰ লক্ষ্যত থকাত তাৰ পৰাই বৈছে শৰণার্থীৰ সোঁত। ৰে’ল, গাড়ী আনকি পদব্রজেও বহু লোকে ভৰি দিছে প্রতিবেশী দেশবোৰত।

বিভিন্ন পশ্চিমীয়া সংবাদ মাধ্যমৰ ৰিপোৰ্টে জনাইছে, এই পর্যন্ত সৰ্বাধিক ইউক্রেইনীয় লোকে আশ্রয় লিছে পোলেণ্ডত। সংখ্যাত ৩ লাখৰো অধিক। ইয়াৰ পিছত আছে হাঙ্গেৰী, ৰোমানিয়া আৰু শ্লোভাকিয়াৰ দৰে দেশ। লগতে, ৰাছিয়ালৈ প্রায় ৪০ হাজাৰ ইউক্রেইনীয় লোক যোৱা বুলি প্ৰকাশ। বেলাৰুছত আশ্রয় লৈছে প্রায় দুই হাজাৰ শৰণাৰ্থীয়ে।











