![]()
নিউজ ডেস্কঃ
ইউক্রেইনত আবদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকলক দেশলৈ উভতাই অনাৰ প্রক্রিয়া চলি আছে। বহুতে নিজ দেশলৈ উভতি আহিব পাৰিলেও, বহুতে আকৌ এতিয়াও যুদ্ধ পৰিস্থিতিৰ মাজতে দিন কটাইছে। বহু স্থানত খাদ্যপাতি নাই, আনকি খোৱাপানীও নাই। ইউক্রেইনৰ পশ্চিম দিশে উদ্ধাৰকাৰ্য চলিছে৷ কিন্তু পূব দিশৰ ৰাছিয়া সীমান্তৰ কাষৰ ছুমি চহৰত আবদ্ধ হৈ পৰা ছাত্র-ছাত্রীসকলৰ অৱস্থা দুঃসহ।
এক ভিডিওত দেখা গ’ল, পানীৰ অভাৱত বাহিৰৰ বৰফ সংগ্রহ কৰিছে ভাৰতীয় শিক্ষাৰ্থীসকলে। জানিব পৰা মতে, ৮০০-৯০০ শিক্ষাৰ্থী ছুমি ষ্টেট ইউনিভাৰ্ছিটিৰ মেডিকেল কলেজৰ হোষ্টেলত আবদ্ধ হৈ আছে এসপ্তাহৰো ওপৰত। শেষ হৈ আহিছে তেওঁলোকৰ খাদ্য আৰু খোৱাপানী। সামান্য পানীয়েই এতিয়া দুর্লভ। বাধ্য হৈ বাহিৰত পৰি থকা বৰফ বাল্টিত ভৰাই লৈ গৈছে, সেয়াই খাইছে।











