![]()
নিউজ ডেস্কঃ
২৪ ফেব্রুৱাৰীৰ পৰা ইউক্রেইনত নিৰন্তৰ আক্ৰমণ চলাই আছে ৰুছ সেনাই। পেলাইছে ক্ষেপণাস্ত্র। দখল কৰিছে ইখনৰ পিছত সিখন চহৰ। মৃত্য হৈছে হাজাৰ হাজাৰ মানুহ। কিমানজন ইউক্রেইনিয়ান সেনাৰ মৃত্যু হৈছে তাৰ হিচাব নাই। ইয়াৰ মাজতেই এক ভয়ংকৰ অভিযোগ আনিলে ইউক্রেইনে। আক্ৰমণৰ সৈতে ইউক্রেইনত নাৰীসকলক ধর্ষণ কৰিছে ৰুছ সেনাই।
এই দাবী তুলিলে ইউক্রেইনৰ বিদেশ মন্ত্রী দিমিত্রো কুলেবাই। অৱশ্যে কুলেবাই নিজৰ অভিযোগৰ কোনো প্রমাণ দিয়া নাই। লণ্ডনৰ ছেথাম হাউছত কুলেবাই কয়, ‘যেতিয়া এখনৰ পিছত আনখন চহৰত বোমা পৰিছে, তেতিয়াই অধিকৃত চহৰবোৰত সেনাই ধর্ষণ কৰিছে ইউক্ৰেইনিয়ান মহিলাসকলক৷’











