![]()
নিউজ ডেস্কঃ
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যোৱা ২৪ ফেব্ৰুৱাৰীত ইউক্রেইনত সামৰিক অভিযানৰ ঘোষণাৰ পিছতেই মস্কোৰ ওপৰত অর্থনৈতিক নিষেধাজ্ঞা আৰোপ আৰম্ভ কৰি দিছিল আমেৰিকা তাৰ বন্ধু ৰাষ্ট্রবোৰে। সেই ধাৰা মানিয়েই এইবাৰ বিশ্বৰ উন্নত সাতখন দেশৰ গ্ৰুপ জি-৭য়ে কেইবাটাও নিষেধাজ্ঞা জাৰি কৰিছে ৰাছিয়াৰ বিৰুদ্ধে।
আমেৰিকা, কানাডা, জাপান, ব্রিটেইন, ফ্রান্স, জার্মানী আৰু ইটালিক লৈ গঠিত জি-৭ৰ তৰফৰ পৰা শুক্রবাৰে ঘোষণা কৰিছে, সময়ৰ সৈতে সংগতি ৰাখি মস্কোৰ বিৰুদ্ধে এই বাধা-নিষেধৰ পৰিধি আৰু বৃদ্ধি হ’ব পাৰে। গ্ৰুপৰ হৈ আমেৰিকাৰ বিদেশমন্ত্রী এন্টনি ব্লিঙ্কেনে কৈছে, ‘‘পৰিস্থিতিৰ পৰিৱৰ্তন নঘটিলে আমি লাহে লাহে নিষেধাজ্ঞাক সর্বোচ্চ পর্যায়লৈ লৈ যাম।’’
কেৱল দেশ হিচাবে ৰাছিয়াই নহয়, দেশখনৰ বৃহৎ উদ্যোগপতিসকলৰ বাবেও বজাৰ বন্ধ কৰাৰ কথা জনাইছে জি-৭ দেশবোৰে। তেওঁলোকৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ কথাও ঘোষণা কৰা হৈছে। লগতে ৰাছিয়াৰ বেঙ্কবোৰৰ ওপৰতো জাৰি হৈছে এই নিষেধাজ্ঞা। আনকি, আন্তর্জাতিক ক্রীড়াক্ষেত্রৰ পৰা ৰাছিয়াক নির্বাসনত পঠোৱাৰ বন্দোবস্ত হৈছে আমেৰিকা আৰু পশ্চিমীয়া বিশ্বৰ উদ্যোগত।











