![]()
নিউজ ডেস্কঃ
হঠাৎ নেট বিশ্বৰ পৰা বিচ্ছিন্ন হৈ গ’ল ইউৰোপৰ বিস্তীর্ণ এলেকা। জার্মানী, ফ্রান্স, হাঙ্গেৰী, ইটালি, পোলেণ্ড ইত্যাদি দেশৰ বৃহৎ অংশত ইন্টাৰনেট সেৱা ব্যাহত। ইয়াৰ নেপথ্যত ৰাছিয়া থকাৰ অভিযোগ আমেৰিকান ছেটেলাইট অপাৰেটৰসকলৰ। তেওঁলোকৰ অভিযোগ, ৰুছ চাইবাৰ আক্ৰমণৰ ফলতেই এই বিভ্রাট।
ইউটেলছেট নামৰ ছেটেলাইট সংস্থাটোক উদ্ধৃত কৰি সংবাদ সংস্থাই জনাইছে, ইউক্রেইনসহ বিভিন্ন দেশতেই নেট সেৱা স্তব্ধ হৈ গৈছে। ভায়াছেট নামৰ আৰু এক সংস্থাই অৱশ্যে জনাইছে, আৰক্ষী আৰু বিশেষজ্ঞসকলে বিষয়টো পৰীক্ষা কৰিছে। আনহাতে, ফ্রান্সৰ স্পেচ কমাণ্ডৰ প্রধান মাইকেল ফ্রিডলিঙৰ দাবী, ইয়াৰ নেপথ্যত আছে ৰুছ চাইবাৰ আক্ৰমণ। তেওঁলোকৰ দাবী, ইউক্রেইনৰ উপৰি ইউৰোপৰ বহু অংশ চাইবাৰ আক্ৰমণৰ ফলত নেট যোগাযোগৰ পৰা বিচ্ছিন্ন হৈ পৰিছে। জার্মানী আৰু মধ্য ইউৰোপৰো একেই অৱস্থা। জার্মান তথ্য বিভাগক উদ্ধৃত কৰি সংবাদ সংস্থাই জনাইছে, ৰাছিয়া-ইউক্রেইন যুদ্ধৰ পৰিবেশত সমগ্ৰ ইউৰোপ কোনোবা নহয় কোনো প্ৰকাৰে প্রভাৱিত। তাৰ ভিতৰত এটি হ’ল এই চাইবাৰ আক্ৰমণ।
অৱশ্যে ৰাছিয়াই এই বিষয়ত কোনো মন্তব্য কৰা নাই।











