![]()
নিউজ ডেস্কঃ
দেশজুৰি ফেচবুক আৰু টুইটাৰত নিষেধাজ্ঞা জাৰি কৰিলে মস্কো চৰকাৰে। এই কথা জনাইছে ৰাছিয়াৰ ৰাষ্ট্রীয় গণমাধ্যম নিয়ন্ত্রক সংস্থা ৰস্কোমনাজৰে। যোৱা সপ্তাহতেই সমগ্র ইউৰোপীয় ইউনিয়ন আৰু ব্রিটেইনজুৰি একাধিক ৰুছ সংবাদ মাধ্যমৰ পেজবোৰ আঁতৰাই দিয়ে ফেচবুক আৰু ইনষ্টাগ্রামে। ইয়াৰ পিছতেই বিষয়টো ৰস্কোমনাজৰৰ দৃষ্টিলৈ আহে। ফেচবুকৰ ওপৰত ‘প্ৰতিশোধ’ ল’বলৈয়েই ৰাছিয়াই এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰিছে একাধিক সংবাদ মাধ্যমে। ইয়াৰ উপৰি যুদ্ধ সংক্রান্তীয় ভুৱা খবৰ প্ৰচাৰকো অপৰাধ হিচাবে গণ্য কৰা হ’ব বুলি শুক্রবাৰে এখন বিধেয়ক গ্ৰহণ কৰে মস্কো চৰকাৰে। তাৰ ফলতেই এই সিদ্ধান্ত লোৱা হৈছে বুলিও সংবাদ সংস্থাক বহুতে জনাইছে।
ফেচবুকৰ ওপৰত বৈষম্যৰ অভিযোগ আনি ৰস্কোমনাজৰ এটি বিবৃতিত জনাইছে, ‘২০২০ চনৰ অক্টোবৰ মাহৰ পৰাই ৰাছিয়াৰ বিভিন্ন সংবাদ মাধ্যমৰ সৈতে বৈষম্যমূলক আচৰণ কৰিছে ফেচবুকে। ইয়াৰ উপৰি ৰাছিয়া টুডেৰ দৰে বিখ্যাত বিভিন্ন সংবাদ মাধ্যমৰ পেজকো ফেচবুকৰ পৰা আঁতৰাই দিয়া হৈছে।’
ফেচবুকে ৰুছ নাগৰিকসকলৰ অধিকাৰ আৰু স্বাধীনতা উলঙ্ঘন কৰিছে বুলিও যোৱা সপ্তাহত অভিযোগ কৰিছিল ৰাছিয়াই। লগতে সম্পূৰ্ণ ৰাছিয়াজুৰি ফেচবুকৰ ওপৰত আংশিক নিষেধাজ্ঞা জাৰি কৰাৰ কথা ঘোষণা কৰে ৰাষ্ট্রীয় গণমাধ্যম নিয়ন্ত্রক সংস্থাই।











