![]()
নিউজ ডেস্কঃ
ইউক্রেইনৰ উত্তৰ-পূবৰ ছুমিত আবদ্ধ হৈ থকা প্রায় ৬০০ ছাত্ৰ-ছাত্ৰীক শুক্রবাৰেও উদ্ধাৰ কৰিব পৰা নগ’ল। বৃহস্পতিবাৰে নিশাৰ ফালে ৰুছ সেনাবাহিনীয়ে ছুমিত বোমা পেলায়। ছুমি ষ্টেট ইউনিভাৰ্ছিটি হোষ্টেলৰ কাষতেই এটা কাৰখানাত উক্ত বোমা পৰিছিল। ফলত অতি আতংকিত ছাত্ৰ-ছাত্ৰীসকল। বোমা পৰাৰ পিছতেই বিদ্যুৎ সৰবৰাহ বন্ধ হৈ যায়। পানীৰ সৰবৰাহো বন্ধ হৈ যায়। শুক্রবাৰে শিক্ষাৰ্থীসকলে জনাইছে, ইন্টাৰনেট সেৱাও অতি অনিয়মিত। বিদ্যুৎ সেৱা নথকাৰ বাবে প্রচণ্ড শীতত ‘হিটিং ছিষ্টেম’ও চলা নাই। বিগত এসপ্তাহ ধৰি যুদ্ধৰ আতঙ্কত বাঙ্কাৰত দিন কটাইছে অধিকাংশ শিক্ষাৰ্থীয়ে।
ছুমিৰ কাষতে ৰুছ সীমান্ত। ৰাছিয়াই সেইফালৰ পৰাই আক্রমণ কৰিছে। বিদেশী শিক্ষাৰ্থীসকলক দেশলৈ উভতাইছে মূলত ইউক্রেইনৰ পশ্চিম সীমান্তৰে। তাৰ পৰা সীমান্ত পাৰ হৈ ৰোমানিয়া, হাঙ্গেৰী অথবা পোলেণ্ড হৈ দেশলৈ উভতাৰ বিমান ধৰিছে তেওঁলোকে। ইউক্রেইনৰ উত্তৰ-পূব দিশৰ ছুমিৰ পৰা পশ্চিম সীমান্তৰ দূৰত্ব প্রায় এক হাজাৰ কিলোমিটাৰ। সম্পূৰ্ণ ইউক্রেইনৰ ওপৰেদিয়ে গৈছে এই পথ। আকৌ এই পথৰেই বিভিন্ন অংশত যুদ্ধ চলিছে। সেয়া অপেক্ষাকৃতভাৱে ওচৰৰ ৰাছিয়া সীমান্তৰে তেওঁলোকক উদ্ধাৰৰ বাবে বাৰম্বাৰ আবেদন জনাইছে শিক্ষাৰ্থীসকলে।











